বুধবাৰে বিশ্ব গঁড় দিৱস উপলক্ষে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত ২,৪৭৯ টাকৈ গঁড়ৰ খৰ্গ দাহ কৰা কাৰ্যসূচী অনুষ্ঠিত হোৱা সময়তে বিটিআৰত ৫৭ জনকৈ চোৰাং চিকাৰীয়ে আত্মসমৰ্পন কৰা কাৰ্যই এতিয়া ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে।
কোকৰাঝাৰ জিলাৰ ৰাইমোনা অঞ্চলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত এই ৫৭ জন চোৰাং চিকাৰীয়ে আত্মসমৰ্পন কৰে।
আত্মসমৰ্পন কৰাৰ সময়ত এই চোৰাং চিকাৰী সকলে ৪০ টাকৈ বন্দুক,বহু পৰিমাণে সজীৱ গুলী-বাৰুদৰ লগতে হৰিণাৰ শিং, হাতীৰ দাঁত আদিও জমা দিয়ে।
মূল সূতিলৈ উভতি অহা এই চোৰাং চিকাৰী সকলক অভিনন্দন জ্ঞাপন কৰি বিটিচিৰ প্ৰধান প্ৰমোদ বড়োয়ে উচ্চ প্ৰশংসা কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা নগদ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰে।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্বাৰ্থত বিটিচি চৰকাৰে এই চোৰাং চিকাৰী সকলক আত্মসমৰ্পনৰ বাবে আহ্বান জনাই আহিছিল।অৱশেষত চৰকাৰৰ অনুৰোধত এই ৫৭ জন চোৰাং চিকাৰীয়ে এই ঐতিহাসিক দিনটোত অস্ত্ৰ সমৰ্পন কৰি মূল সূতিলৈ উভতি আহে।
ইফালে বুধবাৰে মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই বন্য প্ৰাণী হত্যা যজ্ঞ ৰোধ কৰিবলৈ চোৰাং চিকাৰীৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও হুংকাৰ প্ৰদান কৰিছিল। তেনেক্ষেত্ৰত বিটিআৰত চোৰাং চিকাৰীৰ আত্মসমৰ্পনে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।