চৰকাৰ আৰু আলফা(স্বা)ৰ মাজত আলোচনা চলি থকা মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য।খবৰ অনুসৰি চৰকাৰৰ লগত শান্তি প্ৰক্ৰিয়া চলি আছে যদিও এই নিষিদ্ধ সংগঠনটোৱে তীব্ৰতৰ কৰি তুলিছে সদস্যভৰ্তি অভিযান।
সেনা-আৰক্ষীৰ তথ্যৰ পৰা পোৱা খবৰ অনুসৰি আলফা(স্বা)ত যোগদান কৰিবলৈ ম্যানমাৰলৈ যাত্ৰা কৰা এটা যুৱকৰ দল সেনা-আৰক্ষীৰ জালত পৰিছে।মুঠ ৭ জনকৈ যুৱক থকা এই দলটো যাত্ৰা আৰম্ভ কৰাৰ ঠিক পূৰ্বেই সেনা-আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
চোৰাংচোৱাৰ খবৰৰ ভিত্তিত চৰাইদেউ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত সোণাৰিৰ জবকা অঞ্চলত আটাইকেইজন যুৱকক আটক কৰে দলটোৱে।
আটকাধীন যুৱক কেইজন হৈছে-মনোৰঞ্জন দুৱৰা,পংকজ গগৈ,প্ৰফুল্ল ফুকন,ভাস্কৰ গগৈ,বিকি ৰাজখোৱা,সমৰজিৎ লহকৰ আৰু বিতুল বৰুৱা।
ইতিমধ্যে অধিক তথ্যৰ বাবে সোণাৰি আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।