ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানা গাঁৱৰ ভকটতোলা চুবুৰীৰ স্বৰ্গীয় হৰেণ কলিতা আৰু লাৱণ্য কলিতাৰ একমাত্ৰ পুত্ৰ বিপুল কলিতাই সমগ্ৰ অঞ্চলতেই দাঙি ধৰিছে এক মানৱতাৰ নিদৰ্শন । কলিতাই দীৰ্ঘদিন ধৰি কৰি আহিছে বিশেষ ভাবে সক্ষম (দিব্যাংগ) লোক সকলক বিভিন্ন প্ৰকাৰে সহায় । তাৰ ভিতৰত বিশেষ ভাৱে সক্ষম লোক সকলক তেওঁলোকৰ দিব্যাংগৰ প্ৰমাণপত্ৰ, ইউডিআইডি, দিব্যাংগ পেঞ্চন আদি কৰি সহায়ৰ হাত আগবঢ়াই আহিছে । যোৱা ২०১৯ বৰ্ষত মৰিগাওঁৰ ভূৰগাঁৱত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ হোৱা এশগৰাকী লোকক বস্ত্ৰৰো যোগান ধৰিছিল । বৰ্তমান কলিতা হৈ পৰিছে মানৱদৰদী । কোনোগৰাকী নিঃসহায় লোক বিপদত পৰিলেই তেওঁৰ কাষত উপস্থিত হৈ তেওঁৰ সমস্যা সমাধান কৰে । যোৱা কিছুদিন পুৰ্বে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ লেজাৰ এজন মেধাৱী ছাত্ৰই নিজৰ শিক্ষাৰ ক্ষেত্ৰত বিপদত পৰাত ছাত্ৰগৰাকীক ৰাইজৰ পৰা সহায় লৈ তেওঁক মোৱাইল, কিতাপ, বহী আদি সম্পুৰ্ণ ব্যৱস্থা কৰি দিছিল, লগতে কিছুদিন পুৰ্বে ৰঙিয়া নগৰত অনাই-বনাই ঘুৰি ফুৰা মানসিকভাৱে বিকাৰগ্ৰস্থ লোক সকলক চাফ-চিকুন কৰি দিয়াও দেখা গৈছিল কলিতাক । বিপুল কলিতা এই মনুভৱতাক সমগ্ৰ অঞ্চলৱাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ।