আজি সদৌ অসম ছাত্ৰ সন্থাই ২০২১বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ঘোষণা কৰে।গোৱালপৰীয়া লোকগীত ৰাণী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰ বাবে নিৰ্বাচিত লোক কৃষ্টি সাধক শিল্পী খগেন গগৈ।অসমৰ লোককৃষ্টি সংৰক্ষণ আৰু প্ৰসাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতিবছৰে আছুৱে প্ৰদান কৰি আহিছে এই বঁটা।
আছু কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত কয়- ২৭ডিচেম্বৰত শিল্পী গৰাকীৰ মৃত্যু দিনটোত গুৱাহাটী চান্দমাৰীৰ শ্বহীদ উদ্যোনত থকা প্রতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তি স্থলীত আনুষ্ঠানিক ভাৱে গগৈক এই বঁটা প্ৰদান কৰিব বুলি উল্লেখ কৰে।