ভৰলুক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা ‘যুদ্ধ’ত চামিল হৈছে কবি সাহিত্যিক, গীতিকাৰ-শিল্পীসহ সকলো শ্ৰেণীৰ নাগৰিক সমাজ।ভৰলুক লৈ
গুৱাহাটীবাসীক সজাগ কৰি তোলাৰ উদ্দেশ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে ‘ভৰলু বচাও’ শীর্ষক এটা থীম চং।শুকুৰবাৰে
গুৱাহাটীৰ ‘বিষ্ণু নিৰ্মলা ভৱন’ত ‘ভৰলু বচাও’ অভিযান অনুষ্ঠানত ‘‘ভৰলু বচাও” শীৰ্ষক এটি গীত মুকলি কৰে।গীতটো মুকলি কৰে বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞাই।তেওঁ গীতটো সৰ্বাংগ সুন্দৰ, অৰ্থবহ হোৱা বুলি কয়। এনেধৰণৰ গীত বহু বছৰ পূৰ্বে উলিয়াব লাগিছিল।অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট গীতিকাৰ চাৰুকমল হাজৰিকাই কয়- গুৱাহাটীৰ দৰে প্ৰাকৃতিকভাবে সুন্দৰ মহানগৰ বিশ্বতে বিৰল। ভৰলু-বাহিনীৰ পুনৰ বোৱতী ৰূপ যদি দিব পৰা যায় তেন্তে অপূর্ব হৈ পৰিব গুৱাহাটী।
আনহাতে গীতটিৰ গীতিকাৰ চাৰুকমল হাজৰিকাই ছেভ ভৰলু অভিযানত সংবাদ মাধ্যমৰ লোকক জড়িত কৰাই ব্যাপক মাত্ৰাত প্ৰচাৰ চলাই চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানত পৌৰহিত্ব কৰি চেভ ভৰলু অভিযানৰ সভাপতি ড: ৰবীন্দ্ৰনাথ মজুমদাৰে কয়- বাহিনীক বাদ দি ভৰলু পুনৰুজ্জীৱিত কৰাৰ সপোন অবাস্তব।ভৰলু পুনৰুজ্জীৱিত কৰাৰ সংগ্ৰামত সকলো সংপৃক্ত হ’ব লাগিব।কেৱল চৰকাৰে ভৰলু বা বাহিনীক পুনৰুজ্জীৱিত কৰিব নোৱাৰে।অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে চেভ ভৰলু অভিযানৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকাই।অনুষ্ঠানত
উপদেষ্টা প্ৰদীপ ভূঞাই তত্বগধুৰ ভাষণ দিয়ে।
‘ভৰলু বচাও’- শীৰ্ষক গীতটোৰ গীতিকাৰ তথা সুৰকাৰ চাৰুকমল হাজৰিকা, প্ৰযোজনা প্ৰদীপ ভূঞা ।বিশেষ গীতটিত কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী শান্তা উজীৰ আৰু কল্লোল বৰঠাকুৰে।