সামাজিক মাধ্যমত সময়ে সময়ে দেখিবলৈ পোৱা জীৱ-জন্তুৰ বহু আকৰ্ষণীয় ভিডিঅ’ই সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰে। আনহাতে সামাজিক মাধ্যমত এনে বহুতো ভিডিঅ’ দেখা পোৱা যায় যিবোৰে সকলোকে আচৰিত কৰি তোলে ।
সৰ্বসাধাৰণতে সামাজিক মাধ্যমত জন্তুবোৰে কাজিয়া কৰাৰ ভিডিঅ’হে আমি বেছিকৈ দেখোঁ যদিও তাৰ বিপৰীতে কেতিয়াবা আমি এটা জন্তুৱে আন এটা জন্তুক সহায় কৰাৰ দৃশ্যও দেখোঁ ৷শেহতীয়াকৈ এটা জন্তুৱে আন এটা জন্তুক সহায় কৰা তেনে এটা হৃদয়স্পৰ্শী ভিডিঅ’ ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৷ য’ত চিৰিয়াখানাৰ ভিতৰত থকা এটা পুখুৰীৰ পানীত ডুব যাবলৈ ধৰা এটা কাউৰীৰ জীৱন ৰক্ষা কৰিছে কাউৰীটোৰ জীৱনলৈ ভগৱান ৰূপে অহা এটা ভালুকে ।
জানিব পৰা মতে এই ভিডিঅ’টো হাংগেৰীৰ এখন চিৰিয়াখানাৰ, য’ত ৱালি নামৰ ভালুক এটাক পুখুৰীৰ ওচৰত ঘূৰি ফুৰা দেখা গৈছে। সেই সময়তে ওচৰৰ পুখুৰীটোত পৰি এটা কাউৰীয়ে যিমান পাৰে সাঁতুৰি নিজকে ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ ভিডিঅ’টোত দেখা গৈছে যে কাউৰীটোক কষ্ট পোৱা দেখি অৱশেষত ৱালি নামৰ এই ভালুকটো পুখুৰীটোৰ পাৰত উপস্থিত হয় আৰু কাউৰীটোক মুখেৰে ধৰি বাহিৰলৈ উলিয়াই আনে আৰু মাটিত থয় । ভালুকটোৱে কাউৰীটোক পানীৰ পৰা ৰক্ষা কৰাৰ পিছতে পুনৰ নিজৰ ঠাইলৈ উভতি যায় যদিও কাউৰীটোক তাতে বহি থকা দেখা যায়। সকলোৱে ভালুকটোৰ এই উদাৰতা দেখি অভিভূত হৈ পৰিছে আৰু সেয়েহে হয়তো বাৰে বাৰে এই ভিডিঅ’টো চাবলৈ ইচ্ছুক হৈছে দৰ্শকসকল ৷
নিজকে জীৱ শ্ৰেষ্ঠ বুলি ভৱা মানুহৰ তুলনাত কেতিয়াবা জীৱ-জন্তবোৰেও দৰাচলতে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে যাৰ বাবে কেতিয়াবা এক প্ৰশ্নবোধক হৈ ৰয় বহু কথা ৷ প্ৰকৃতাৰ্থত জীৱশ্ৰেষ্ঠ কোন ?
Footage from Aleksander Medveš shows Vali, a bear at the Budapest Zoo, saving a drowning crow.pic.twitter.com/KbHNhkeiOI
— Fascinating (@fasc1nate) October 28, 2022