সংগীত প্ৰেমী সকলৰ বাবে এক সুখবৰ ৷ বৰ্তমান সৰ্বত্ৰ পাশ্চাত্য সংগীতৰ অনুৰাগী ৷ অসমীয়া সংগীততো নিশ্চয়কৈ ইয়াৰ প্ৰভাৱ নপৰাকৈ থকা নাই ৷ এনে বহু কেইটা অসমীয়া জনপ্ৰিয় গীত আছে যি পাশ্চাত্য সংগীতৰ এক নতুন ৰূপ ৷
অৱশ্যে এইবাৰ সংগীতানুৰাগী সকল পাশ্চাত্য সংগীতৰ সবিশেষ জানিবলৈ সক্ষম হ’ব এখন অসমীয়া কিতাপৰ যোগেদি ৷ যিখন কিতাপত সন্নিবিষ্ট কৰা হৈছে পাশ্চাত্য সংগীতৰ বিভিন্ন তত্ত্বগধূৰ বিষয় ৷ লগতে ভাৰতীয়া সংগীত আৰু পাশ্চাত্য সংগীতৰ পাৰ্থক্য, আমি পাশ্চাত্য সংগীতৰ প্ৰভাৱত আমাৰ ধাৰা অব্যাহত ৰখাত উজুটি খাইছো নেকি নাইবা পাশ্চাত্য সংগীতৰ বিশ্লেষণে কামৰূপী সংগীতৰ ধাৰাটোক অধিক স্পষ্ট ৰূপত ফুটাই তুলিব পাৰে নেকি আদি সংগীতৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সাঙুৰি লৈছে উক্ত গ্ৰন্থখনে ৷
অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পোৱা অশোক শৰ্মাৰ এক প্ৰতিবেদন অনুসৰি সম্পূৰ্ণ বিজ্ঞানভিত্তিক বিশ্লেষণ,তত্ত্ব আৰু ব্যাখ্যাৰে পৰিপুষ্ট এখন গৱেষণামূলক গ্ৰন্থ ‘পাশ্চাত্য সংগীত তত্ত্ব’ ৷
গ্ৰন্থখনত আছে মুঠ ৭টা অধ্যায় ৷ মূল অধ্যায়ক কেইবাটাও উপ-অধ্যায়ত ভাগ কৰি গ্ৰন্থখনত পাশ্চাত্য সংগীতৰ তত্ত্বৰ লগতে ভাৰতীয় সংগীতৰ পাৰ্থক্যবোৰে ফঁহিয়াই দেখুওৱা হৈছে ৷ জ্যোতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু তিলক কুমাৰ কলিতাৰ দ্বাৰা ৰচিত ‘পাশ্চাত্য সংগীত তত্ত্ব’গ্ৰন্থখনৰ মূল্য ৪০০টকা ৷
এই গ্ৰন্থখনে অৱশ্যেই পাশ্চাত্য সংগীত সম্পৰ্কীয় যিকোনো বিশ্লেষণ নাইবা চিন্তা কৰিবলৈকো সংগীত প্ৰেমী সকলক সহায় কৰিব ৷