ভাৰতবৰ্ষত এনে বহু ঠাই আছে যিবোৰ ঠাইলৈ গৈ মানুহে শান্তি লাভ কৰে ৷সেয়েহে ভাৰতলৈ বহু বেদেশী পৰ্য্যটকৰো আগমন ঘটে ৷ য’ত নৈশ উদযাপন কৰি সকলোৱে ভাল পায় বহু লোকে ৷
কেৰালাৰ আলেপে ভাৰতৰ এনে এখন ঠাই যি ঠাই ভ্ৰমণ কৰা বা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাটো বহুতৰ বাবে যেন এটা সপোনহে । আলাপ্পুজা (বা আলেপ্পেই) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ লেকাডিভ সাগৰৰ ওচৰৰ এখন চহৰ। ই কেৰেলাৰ গ্ৰামাঞ্চলৰ জলৰাশিত হাউচবোট ক্ৰুজৰ বাবে বেছিকৈ পৰিচিত। আলাপুজা বিচত নিৰ্মাণ কৰা হৈছে আলাপ্পুজা লাইটহাউচ । আনহাতে ইয়াত বছৰি অনুষ্ঠিত হোৱা নাওঁখেল অঞ্চলটোৰ এক জনপ্ৰিয় অনুষ্ঠান ৷ এই ঠাইত গঢ় লৈ উঠা এক অনন্য পৃথিৱীয়ে যেন পৰ্য্যটক সকলক সপোন পুৰীলৈহে লৈ যায় । যদিও ৰাজ্যখনৰ বহু ঠাইত হাউচবোট বা বেকৱাটাৰৰ সুবিধা উপলব্ধ তথাপিও এই ক্ষেত্ৰত এলেপেই হৈছে সৰ্বোত্তম ।
শীত উপভোগৰ বাবে ভাৰতৰ অন্যতম ঠাণ্ডা অঞ্চল লেহ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে শান্ত পৰিৱেশৰ বাবেও বিশ্ব বিখ্যাত। লেহৰ নিৰ্মল বতাহ আৰু পৰিষ্কাৰ পানী ইয়াৰ আকৰ্ষণৰ এক অন্যতম কাৰণ ৷ ইয়ালৈ আহি যেন বহু দিনৰ ভাগৰ আঁতৰাই সুখ নিদ্ৰা লাভ কৰিব পাৰে পৰ্য্যটক সকলে।
পাংগোগাটছ,, লাডাখঃ লাডাখ ভাৰতৰ এনে এক অংশ, যাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবৰ বাবে কেৱল ভাৰতৰেই নহয়, বিদেশৰ পৰাও আহে বহু পৰ্য্যটক৷ভাৰতৰ উত্তৰ অংশৰ লেহৰ ওচৰত অৱস্থিত এই পাংগং হ্ৰদটো ছ্যু হ্ৰদ নামেৰেও জনাজাত । ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বিখ্যাত আৰু মনোমোহা হ্ৰদটো ভাৰতৰ পৰা চীনলৈকে বিস্তৃত ৷ চীনৰ ফালে আছে পাংগং হ্ৰদৰ দুই তৃতীয়াংশ। যিহেতু এই হ্ৰদটো ভাৰত-চীন সীমান্তৰ ওচৰতে অৱস্থিত, গতিকে এই ঠাইখন চাবলৈ প্ৰয়োজন হয় ইনাৰ লাইন পাৰ্মিট ।এই হ্ৰদৰ মন্ত্ৰমুগ্ধকৰ সৌন্দৰ্য্যই মানুহক ভাবিবলৈ বাধ্য কৰে যে ভাৰতত এনেকুৱা ঠাই আছে নে! পাংগং হ্ৰদৰ শান্ত প্ৰাকৃতিক সৌন্দৰ্য্য পৰ্য্যটক সকলৰ বাবে যেন এখন স্বৰ্গহে ।
ভাৰতৰ হিমাচল প্ৰদেশৰ এখন মনোমোহা গাওঁ এই তোছ গাঁও।হিমাচলৰ পৰ্বতীয়া উপত্যকাত অৱস্থিত তোছৰ ঠাণ্ডা বতৰ আৰু শীতল বতাহজাকৰ বাবেই পৰ্য্যটক সকলে ইয়াত এক সুকীয়া আমেজ লাভ কৰে । পাৰ্বতী নদীৰ সোঁ পাৰৰ পাহাৰৰ এঢলীয়াত প্ৰায় ২৪০০ মিটাৰ উচ্চতাত পাহাৰেৰে আগুৰি থকা এই পাৰ্বতী উপত্যকাৰ জনসাধাৰণৰ প্ৰধান বৃত্তি হৈছে পৰ্যটন।