শাৰীৰিক,মানসিক আৰু বৌদ্ধিকভাৱে ভাৰতবৰ্ষত বৰ্তমানেও মহিলাসকল বহু পিছ পৰি আছে। কেন্দ্ৰীয় চৰকাৰে নাৰী সৱলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ সময়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰাজস্থানৰ এটা কৃষক পৰিয়ালত পাঁচ গৰাকীকৈ কন্যাই লোকসেৱা আয়োগৰ প্ৰশাসনিক বিষয়াৰ পদ অলংকৃত কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে এই পাঁচ গৰাকী ভগ্নীৰ দুগৰাকী পূৰ্বতেই প্ৰশাসনিক বিষয়া ৰূপে উত্তীৰ্ণ হৈছিল । পুনৰ তিনি গৰাকী ভগ্নীয়ে একেদিনাই লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ দেশবাসীৰ বাবে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
জানিব পৰা মতে ৰাজস্থানৰ হনুমানগড় গাঁৱৰ সহদেৱ সহৰন এজন খেতিয়ক আৰু অষ্টম শ্ৰেণীলৈকে পঢ়া সহদেৱ সহৰনৰ পত্নীও অশিক্ষিতা । কিন্তু এই সৌভাগ্যশীল দম্পত্তিৰ ঔৰসত জন্ম লাভ কৰা পাঁচগৰাকী কন্যা এতিয়া প্ৰশাসনিক বিষয়া।
তিনি গৰাকী ভগ্নী ক্ৰমে অংশু,ঋতু আৰু সুমনে সদ্য ঘোষিত সদ্যঘোষিত প্ৰশাসনিক পৰীক্ষাত সফলতা লাভ কৰাৰ লগতে বাকী দুগৰাকী ভগ্নী ৰূপা আৰু মঞ্জো ইতিমধ্যে একো একোগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত হৈ আছে। অংশুৱে অন্যান্য পিছপৰা জাতি (OBC) ৰ কোটাত ৩১ সংখ্যক স্থান লাভ কৰে।
বিপৰীতে ঋতুয়ে ৯৬ আৰু সুমনে ৯৮ সংখ্যক স্থান লাভ কৰিছে। আনহাতে ২০১০ চনত উত্তীৰ্ণ হোৱা ৰুমাই বৰ্তমান ঝুনঝুনো জিলাৰ সুজানগড়ত খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত আৰু মঞ্জোয়ে ২০১৭ চনত উত্তীৰ্ণ হৈ হনুমানগড়ৰ নোহাৰৰ সমবায় বিভাগত এগৰাকী বিষয়া হিচাপে কাম কৰি আছে।
উল্লেখ্য যে ৰাজস্থান লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হোৱা ৰাজস্থান প্ৰশাসনিক সেৱা ২০১৮ ৰ পৰীক্ষাৰ ফলাফল মংগলবাৰে ঘোষণা কৰিছিল । আৰু একেখন ঘৰৰে মুঠ পাঁচগৰাকী কন্যাই লাভ কৰা এই সফলতা এতিয়া আন বহু নাৰীৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে।