ভাৰতবৰ্ষ এনে এখন দেশ যি হিন্দু ধৰ্মৰ বহু ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ ৷ দেশখনৰ বুকুত লুকাই আছে হাজাৰ হাজাৰ বছৰ পুৰণি বহু আশ্চৰ্য্যকৰ কাহিনী ৷ বিশেষকৈ হিন্দু ধৰ্মৰ লোকসকলে আৰাধনা কৰা দেৱ-দেৱী সকলৰ কাহিনীসমূহ আটাইতকৈ আমোদজনক ৷ তিনিদেৱ ক্ৰমে ব্ৰহ্মা,বিষ্ণু আৰু মহেশক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাহিনী আৰু তেওঁলোকৰ প্ৰতি মানুহৰ নিস্বাৰ্থ ভক্তিৰ কাহিনীবোৰে এতিয়াও মানুহক আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত কৰে ৷
কলিযুগত অৱশ্যে এই ধৰ্ম-কৰ্ম বা ঈশ্বৰ ভক্তি কিছু পৰিমাণে কম বুলি কোৱা হয় যদিও এই সময়তো বহুলোকে নিজৰ কৰ্মৰ যোগেদি ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ গভীৰ শ্ৰদ্ধাৰ কথা প্ৰমাণ কৰিছে ৷ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন ফটোৱে সকলোকে ভবাই তুলিছে যে এই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো মানুহৰ ঈশ্বৰৰ প্ৰতি আস্থা কমা নাই অৱশ্যে ইয়াৰ মাধ্যম সমূহ সলনি হোৱাটো স্বাভাবিক ৷
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে জিমৰ সা-সৰঞ্জামৰ পৰা নিৰ্মিত ‘শিৱ লিংগ’ৰ এখন ফটো।এই ফটোখন টুইটাৰত পোষ্ট কৰিছে ‘কালাৰচ অৱ ভাৰতে’।জিমৰ সঁজুলিৰে নিৰ্মিত এই শিৱ লিংগটো গোৱালিয়ৰৰ এটা জিমৰ মালিকে সৃষ্টি কৰা বুলি জানিব পৰা গৈছে।টুইটাৰত আপলোড কৰা ফটোখনৰ কেপচনত লিখা আছে যে জিমৰ সঁজুলি ব্যৱহাৰ কৰি শিৱলিংগ নিৰ্মাণ কৰিছে গোৱালিয়ৰৰ এজন জিমৰ মালিকে৷
ওজনৰ প্লেট, ডাম্বল আৰু ৰছী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই শিৱ লিংগটি নাৰ্জি ফুলৰ মালাৰে সজাই তোলাৰ লগতে এগছি চাকিও জ্বলাই দিয়া হৈছে।আনহাতে অনলাইনত যথেষ্ট সমাদৰ লাভ কৰা এই ফটোখনে টুইটাৰত ১৭০০ৰো অধিক লাইক লাভ কৰিছে। জিমৰ মালিকৰ সৃষ্টিশীলতাক লৈ আপ্লুত হৈ পৰিছে নেটিজেনসকল।
এজনে মন্তব্য কৰিছে যে সৃষ্টিশীলতা, আধ্যাত্মিকতা, ঐশ্বৰিক শক্তি আৰু ভক্তৰ কি এক সংমিশ্ৰণ।
আন এজনে আকৌ লিখিছে, “হৰ হৰ মহাদেৱ।”
শিৱ লিংগ হৈছে হিন্দু দেৱতা শিৱৰ বিমূৰ্ত বা এনিকনিক প্ৰতিনিধিত্ব। সাধাৰণতে শিৱক উৎসৰ্গিত হিন্দু মন্দিৰত ই প্ৰাথমিক মূৰ্তি বা ভক্তিমূলক প্ৰতিচ্ছবি।
A gym owner from Gwalior recreates a Shivling using gym equipment pic.twitter.com/0KvEeO9Nvw
— Colours of Bharat (@ColoursOfBharat) November 7, 2022