পৰ্যটকৰ বাবে অৱশেষত নিজ দেশৰ দুৱাৰ মুকলি কৰিলে নেপাল চৰকাৰে। ইতিমধ্যে আৰম্ভ হৈছে বিদেশী পৰ্যটকক ভিছা দিয়া কাৰ্য্য । উল্লেখ্য যে নেপালৰ পৰ্যটন বিভাগে ভাৰতীয় পৰ্যটকক সেই দেশলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰিছে। কিন্তু তাৰ বাবে পৰ্যটকসকলে মানিব লাগিব কিছুমান বিশেষ নিয়ম।
নেপাললৈ যাব বিচাৰিলে কি কি নিয়ম মানি চলিব লাগিব সেই বিষয়ে উল্লেখ কৰা হ’ল-
• প্রত্যেক পর্যটকেই ক’ভিড -১৯ ৰ দুয়োটা ড’জ ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ দেখুৱাটো বাধ্যতামূলক।
• দ্বিতীয় পালি ভেকচিন গ্ৰহণৰ প্ৰায় ১৪ দিনৰ পাছতহে নেপালে কোনো পৰ্যটকক প্ৰৱেশৰ অনুমতি দিব।
• নেপালত প্ৰৱেশ কৰা আগমুহূৰ্তত আৰ টি- পি চি আৰ পৰীক্ষা কৰোৱাব লাগিব। সেই পৰীক্ষাৰ ফলাফল অনুযায়ী কোনো লোকৰ দেহত যদি ক’ভিড সংক্রমণ ধৰা পৰে তেন্তে তেনে লোকে নেপালত প্ৰৱেশ কৰিব নোৱাৰিব।
• নেপালত প্ৰৱেশ কৰাৰ সমসাময়িক ৭২ ঘণ্টাৰ ভিতৰত ক’ভিড পৰীক্ষা কৰোৱাব লাগিব।
• যদি কোনো পর্যটকে মাত্ৰ এটা হে ভেকচিন গ্ৰহণ কৰিছে তেন্তে তেনে লোকে নেপালত ১০ দিন অকলশৰীয়া ভাৱে কটাব লাগিব। অৰ্থাৎ ১০ দিন পৰ্যন্ত অন্য লোকৰ সংস্পৰ্শলৈ আহিবলৈ অনুমতি দিয়া নহ’ব।

নেপালত বৰ্তমান সময়ত ক’ভিড সংক্ৰমণৰ হাৰ কিছু কম আৰু সেইবাবেই পৰ্যটকৰ বাবে দেশৰ প্ৰৱেশদ্বাৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে নেপাল চৰকাৰে। উল্লেখ্য যে এই দেশৰ অৰ্থনীতিৰ অধিকাংশই পৰ্যটন বিভাগৰ ওপৰতে নিৰ্ভৰশীল। কৰ’না মহামাৰী দুৰ্যোগৰ সময়চোৱাত দেশৰ পৰ্যটন বিভাগটোৱে যথেষ্ট লোকচানৰ সন্মুখিন হৈছিল। সেইবাবেই এই বিভাগটোৰ ওপৰত জোৰ দিয়াৰ কথা চিন্তা কৰিছে নেপাল চৰকাৰে।