ভাৰত বৰ্ষত প্ৰতি বছৰে উদযাপন কৰা হয় নৱৰাত্ৰি উৎসৱ ৷ হিন্দু ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰা যি উৎসৱৰ আছে বহু তাৎপৰ্য্য ৷ বৰ্তমান সময়ত সমগ্ৰ ভাৰততে উদযাপিত এই শাৰদীয় নৱৰাত্ৰি উৎসৱ ৷ নৱৰাত্ৰিৰ এই সময়ছোৱাত, হিন্দুধৰ্মাৱলম্বী লোকসকলে দেৱী দুৰ্গাৰ ডাঙৰ ডাঙৰ মন্দিৰবোৰ দৰ্শন কৰে ৷ এই মন্দিৰ সমূহৰ ভিতৰত আছে ৫২ টাকৈ শক্তিপীঠ।
আজি আমি ক’বলৈ ওলাইছোঁ তেনে এক শক্তিপীঠ অম্বিকা মন্দিৰৰ বিষয়ে ৷ এই পীঠ ৰাজস্থানৰ উদয়পুৰ অঞ্চলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত গিৰৱা পাহাৰৰ মাজত কুৰাবাদ গাঁৱৰ ওচৰত অৱস্থিত। কোৱা হয় যে এই মন্দিৰ চৌহদটো প্ৰায় ১৫০ ফুট দীঘল ওখ বেৰাৰে আগুৰি আছে।
কিংবদন্তী অনুসৰি এই ঠাইত মাতা সতীৰ বাওঁ ভৰিৰ আঙুলিবোৰ পৰিছিল। এই অম্বিকা মন্দিৰটোক ৰাজস্থানৰ মন্দিৰসমূহেৰে গঁঠা ধুনীয়া মালাধাৰিৰ এটা মুকুতা বুলি কোৱা হয়। দৰাচলতে, অম্বিকা মাতাৰ মূৰ্তি এই মন্দিৰৰ গৰ্ভগৃহত নিৰ্মিত পৃষ্ঠৰ ওপৰত প্ৰতিষ্ঠিত ।এই গৰ্ভৰ বিগ্ৰহ ফলকত বিভিন্ন মূৰ্তি খোদিত কৰা হৈছে, যাৰ সৌন্দৰ্য অতুলনীয়। ইয়াত গণেশৰ সন্মুখত দেৱী মাতাৰ এটা মূৰ্তি আছে। ইয়াৰ লগতে, সভামণ্ডলৰ পৰিক্ৰমাৰ বাবে সভা মণ্ডপৰ দুয়োফালে সৰু সৰু প্ৰৱেশ দ্বাৰ নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ বিগ্ৰহ পত্ৰিকা হৈছে ভাস্কৰ্যৰ এক আশ্চৰ্যকৰ সম্পদ। অনহাতে ইয়াত খোদিত কৰা দ্বাৰপালৰ সৈতে গংগা, যমুনা, সুৰ-সুন্দৰী, বিদ্যাধৰ আৰু নৃত্যশিল্পীৰ লগতে দেৱপ্ৰতিমা সমূহৰ চিত্ৰই সেইসময়ৰ শিল্পী সকলৰ কষ্ট ও পৰিশ্ৰমক যেন স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে ৷
এই মন্দিৰৰ প্ৰতিমূৰ্তিসমূহৰ নিৰীক্ষণৰ আধাৰত বুৰঞ্জীবিদসকলে বিশ্বাস কৰে যে এই ঠাইখন পঞ্চম আৰু ষষ্ঠ শতিকাত শিৱ-শক্তি সম্প্ৰদায়ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। প্ৰায় ৯৬০ খ্ৰীষ্টাব্দত খাজুৰাহোত নিৰ্মাণ কৰা লক্ষ্মণ মন্দিৰৰো পূৰ্বে ইয়াক নিৰ্মাণ কৰা হয় বুলি বিশ্বাস কৰা হয়। আনহাতে এই মন্দিৰৰ স্তম্ভত খোদিত শিলালিপিবোৰে দেখুৱাইছে যে মন্দিৰটো একাদশ শতিকাত মেৱাৰৰ শাসক আল্লাতে পুনৰ নিৰ্মাণ কৰিছিল।
ইয়াত দেৱীক অম্বিকা বুলি কোৱা হয়। ধৰ্মীয় গুৰুত্বৰ দিশৰ পৰা ই এক প্ৰাচীন শক্তিপীঠ আৰু কোৱা হয় যে ইয়াত মা সতীৰ বাওঁ ভৰিৰ আঙুলিবোৰ পৰিছিল।