বিশ্ববিখ্যাত কবি আমিৰ আহমেদ খুচৰুৱে এটি সুন্দৰ কবিতাৰ যোগেদি হায়দৰাবাদক সংজ্ঞায়িত কৰিছে। হায়দৰাবাদী বিৰিয়ানীৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত এইখন চহৰৰ আছে এক নিজা আকৰ্ষণীয় ইতিহাস । আনহাতে আশ্চৰ্যকৰ কথা যে সমগ্ৰ বিশ্বতে এই নামৰ মুঠ ৮৪ খন চহৰ আছে। অৱশ্যে সেই চহৰবোৰৰ বিষয়ে জনাৰ আগতে জানো আহক হায়দৰাবাদ নামটোৰ ইতিহাস ।
এই ঠাইখনৰ নাম কেনেকৈ হায়দৰাবাদ হৈছিল
এই ঠাইখনৰ নাম কেনেকৈ হায়দৰাবাদ হৈছিল সেই কাহিনীটো কুতুব শ্বাহী ৰাজবংশৰ পঞ্চম চুলতান মহম্মদ কুলি কুতুব শ্বাহৰ সৈতে সম্পৰ্কিত। দৰাচলতে, তেওঁ ১৫৯১ খ্ৰীঃত গোলকোণ্ডাৰ পৰা ৰাজধানী আঁতৰাই মুচি নদীৰ দক্ষিণ পাৰত নতুন ৰাজধানী নিৰ্মাণ কৰে, য’ত আজিৰ হায়দৰাবাদ অৱস্থিত। চুলতান মহম্মদ কুলি কুতুব শ্বাহে প্ৰথমে তেওঁৰ প্ৰেমিকা ‘ভগমতী’ৰ নামেৰে এই ঠাইখনৰ নাম ‘ভাগনগৰ’ ৰাখিছিল। অৱশ্যে, যেতিয়া সুন্দৰী ভগমতীক কুতুব শ্বাহে ‘হায়দৰমল’ উপাধি প্ৰদান কৰিছিল, চহৰখনৰ নাম হায়দৰাবাদলৈ সলনি কৰা হৈছিল।
হায়দৰাবাদ শব্দটোৰ অৰ্থ –
হায়দৰাবাদ দুটা শব্দ হায়দৰ আৰু আবাদেৰে গঠিত। ইয়াত, হায়দৰ মানে সিংহ আৰু আবাদ মানে চহৰ বা জনবসতিপূৰ্ণ এলেকা।অৰ্থাৎ হায়দৰাবাদৰ অৰ্থ হ’ল সিংহৰ চহৰ ৷ উল্লেখযোগ্য যে পয়গম্বৰ মহম্মদৰ জোঁৱাই হজৰত ইমাম আলীক হায়দৰ বুলি কোৱা হৈছিল।
সমগ্ৰ বিশ্বতে আছে মুঠ ৮৪খন হায়দৰাবাদ
সমগ্ৰ বিশ্বতে এখন দুখন নহয় আছে মুঠ ৮৪ খন হায়দৰাবাদ ৷ পশ্চিমৰ ইৰাণ, আজাৰবাইজানৰ পৰা পূবৰ বাংলাদেশলৈকে হায়দৰাবাদ নামৰ বহুকেইখন ঠাই আছে।ঐতিহ্য বিশেষজ্ঞ দস্তাগীৰ আনৱাৰে টাইমছ অৱ ইণ্ডিয়াক কৈছিল যে ইৰাণৰ মুঠ ৭১ খন গাওঁ আৰু চহৰৰ নাম হায়দৰাবাদ। কেৱল এয়াই নহয়, আজাৰবাইজানত ১০খন হায়দৰাবাদ আছে। ভাৰতত আছে এখন আৰু পাকিস্তানত আছে এখন হায়দৰাবাদ। আনহাতে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশৰ চহৰ এখনৰ নামো হায়দৰাবাদ। অৱশ্যে, বাংলাদেশৰ হায়দৰাবাদ চহৰৰ নামৰ বানান অলপ বেলেগ। তেওঁলোকে হায়দাৰবাদ বুলিহে কয় । কিন্তু আজাৰবাইজান আৰু ইৰাণত হেইদাৰাবাদ বা হেইডাৰ আবাদ লিখা হয় ।
জানিবপৰা মতে মুঠ ৯খন হেইদৰাবাদ আছে যাৰ বানান হ’ল – হেইদাৰাবাদ (হায়দৰাবাদ)। ইয়াৰ কাৰণ হ’ল হেইদৰাবাদক পাৰ্চী ভাষাত হেদৰাবাদ বুলি উচ্চাৰণ কৰা হয়।
এইটো বিশ্বাস কৰা হয় যে কুতুব শ্বাহী শাসনকালত প্ৰধানমন্ত্ৰী হৈ থকা মীৰ মমিন আস্তাৰাবাদীয়ে চহৰখনৰ নক্সা তৈয়াৰ কৰিছিল যি ইৰাণৰ ইচফাহান প্ৰদেশৰ বিষয়ে অধ্যয়ন কৰি হায়দৰাবাদৰ টেমপ্লেট প্ৰস্তুত কৰিছিল।