যোৱা তিনিদিন এটা বিতৰ্কই চ’ছিয়েল মিডিয়াকে ধৰি সমগ্ৰ ৰাজ্যত তুমুল চৰ্চা লাভ কৰা দেখা গৈছে।
খবৰ অনুসৰি বিশ্বনাথৰ এগৰাকী ছাত্ৰীয়ে হাফপেণ্ট পিন্ধি যোৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বহিবলৈ বাধা আৰোপ কৰা হৈছিল।
ইতিমধ্যে চ’ছিয়েল মিডিয়াত বিয়পি হৈ পৰা এই ঘটনাক লৈ বিভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰা দেখা গৈছে। কোনোৱে ছাত্ৰী গৰাকীক সমৰ্থন কৰাৰ লগতে কোনোৱে ছাত্ৰী গৰাকীৰ পোছাকক লৈ সমালোচনাৰে থকা-সৰকা কৰা দেখা গৈছে।
অৱশেষত এই বিতৰ্কৰ অন্ত পেলাবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে গঠন কৰি দিলে এখন বিশেষ তদন্ত কমিটি। এই কমিটিয়ে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি ১০ দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন।
তেজপুৰৰ এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা এই ঘটনাত হাফপেণ্ট পৰিধান কৰি যোৱাৰ বাবেই অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত বহিবলৈ দিয়া হোৱা নাছিল ছাত্ৰী গৰাকীক।
পিতৃৰ সৈতে যোৱা ছাত্ৰী গৰাকীক লংপেণ্ট পিন্ধি আহিবলৈ নিৰ্দেশ দিছিল পৰীক্ষকে। পৰীক্ষকৰ নিৰ্দেশ অনুসৰি কন্যাৰ বাবে এটি লংপেণ্ট বিচাৰি হাহাকাৰ কৰি ফুৰিছিল পিতৃ গৰাকীয়ে।
ইফালে পিতৃয়ে লংপেণ্ট অনালৈকে আৰম্ভ হৈছিল পৰীক্ষা। অৱশেষত এখন পৰ্দা পিন্ধাই পৰীক্ষাত বহুৱাইছিল ছাত্ৰী গৰাকীক।এই ঘটনাক লৈ আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া।
এই সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে যুক্তি প্ৰদৰ্শন কৰি কয় যে পোছাক সম্পৰ্কত কোনো ধৰণৰ নীতি-নিৰ্দেশনা উল্লেখ কৰা হোৱা নাছিল পৰীক্ষাৰ নিৰ্দেশনা সূচীত।তেনেক্ষেত্ৰত ছাত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ এই কাৰ্যক এক মানসিক অত্যচাৰ বুলি অভিহিত কৰিছে।
একেদৰে ছাত্ৰী গৰাকীৰ পিতৃয়েও এই ঘটনাক মানসিক অত্যাচাৰ বুলি উল্লেখ কৰি তদন্তৰ দাবী কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে।
অৱশ্যে ১০ দিনৰ অন্তত অসম কৃষি বিশ্ববিদ্যালয়ে গঠন কৰি দিয়া তদন্ত কমিটিৰ প্ৰতিবেদনতহে এই ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।