অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ কৰ্মচাৰী সকলৰ বাবে আনিছে এক সু খবৰ।শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে মৰগীয়া বানচ (DA) আৰু মৰগীয়া সাহাৰ্য (DR) ২৮ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
২০২১ ৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হৈছে।এই সিদ্ধান্তৰ পিছতেই ১৭ শতাংশ লাভ কৰি থকা কৰ্মচাৰীয়ে এতিয়া ২৮ শতাংশকৈ লাভ কৰিব মৰগীয়া বানচ।
উল্লেখ্য যোগ্য যে ক’ভিড মহামাৰীৰ বাবে ২০২০ চনৰ ২০ মাৰ্চৰ আগতে যিসকল কৰ্মচাৰী ছুটিত বা কৰ্মস্থলীৰ বাহিৰত থকাৰ থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল,সেইসকল কৰ্মচাৰীকো অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।