মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাত দেশৰ সকলো ৰাজ্যকে চেৰ পেলাই চতুৰ্থবাৰৰ বাবে অসমে শীৰ্ষস্থান দখল কৰিছে। নেচনেল ক্রাইম ব্যুৰ’ৱে প্রকাশ কৰা ‘ক্রাইম ইন ইণ্ডিয়া–২০২০’ শীর্ষক প্রতিবেদনত অসমৰ বাবে অতি উদ্বেগজনক এই তথ্য পোহৰলৈ আহিছে।
এন চি আৰ বিৰ প্রতিবেদন অনুসৰি নাৰীজনিত অপৰাধৰ ৰাষ্ট্ৰীয় হাৰ ৫৬.৫ হোৱাৰ বিপৰীতে অসমত এই অপৰাধৰ হাৰ সর্বাধিক ১৫৪.৩ শতাংশ। উল্লেখনীয় যে দেশৰ ৰাজধানী দিল্লীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্রত শীর্ষস্থান দখল কৰিছিল যদিও ব্যৱস্থাৰ সংশোধনেৰে এইবাৰ ৰাজ্যখনে ১০৬.৪ শতাংশৰে তালিকাৰ তৃতীয় স্থানত আছে। আনহাতে ১১২.৯ হাৰত দ্বিতীয় স্থানত আছে ওড়িশা৷
নাৰীজনিত অপৰাধৰ হাৰ অসমত সৰ্বাধিক হ’লেও নাৰীজনিত অপৰাধৰ ঘটনা দেশৰ ভিতৰত সকলোতকৈ বেছি সংঘটিত হোৱা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ।ৰাজ্যখনত ২০২০ বৰ্ষত ৪৯,৩৮৫ টা ঘটনা হোৱাৰ বিপৰীতে অসমত এই সংখ্যা ২৬,৩৫২ টা।
অসমত বিগত বৰ্ষত মহিলাৰ শ্লীলতা হানিৰ ৪,৬৪২ টা ঘটনা আৰু ১,৬৫৭ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।
ধৰ্ষণ আৰু হত্যা তথা দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত ৰাজ্যখন দেশৰ ভিতৰত তৃতীয় স্থানত আছে। তথ্য অনুসৰি ২০২০ বৰ্ষত অসমত ২৬ টা এনে ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশ ৩১ টা ঘটনাৰে শীৰ্ষত আৰু মধ্যপ্ৰদেশ ২৭ টা ঘটনাৰে দ্বিতীয় স্থানত আছে।
২০২০ চনত ৰাজ্যৰ প্রতি ৬৬৭ গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই ধর্ষণ নাইবা ঘৰুৱা নির্যাতন তথা বিভিন্ন ধৰণৰ শাৰীৰিক তথা মানসিক অত্যাচাৰৰ বলি হৈছে৷ যৌতুকৰ বাবে নিৰ্যাতনৰ ঘটনা উত্তৰ প্ৰদেশত সৰ্বাধিক যদিও অসমো এনে ঘটনাত পিছ পৰি ৰোৱা নাই। অসমত ২০২০ বৰ্ষত যৌতুকৰ বাবে হোৱা হত্যাৰ ১৫০ টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ৪ টা মহিলাক এচিডেৰে আক্ৰমণৰ ঘটনা ঘটিছে।
দুৰ্ভাগ্যজনক কথাটো হৈছে সৰ্বাধিক অপৰাধ সংঘটিত ৰাজ্যখনত অভিযোগ নামাৰ হাৰ অত্যন্ত দুখলগা। ২০২০ বৰ্ষত অভিযোগনামা দাখিলৰ ৰাষ্ট্ৰীয় হাৰ আছিল ৭৮.৬ শতাংশ আনহাতে অসমত এই হাৰ ৬৩.৮ শতাংশ। দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত একমাত্র ৰাজস্থানক বাদ দিলে অভিযোগনামা দাখিলৰ ক্ষেত্রত অসম সমগ্র দেশৰ ভিতৰত পিছপৰি আছে৷
এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ২০২০ চনত অসমত মুঠ ১,১১,৫৫৮টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত মাত্র ৪৭.১ শতাংশ গোচৰতহে অসম আৰক্ষীয়ে অপৰাধনামা দাখিল কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে কেৱল মহিলাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰতেই নহয়, সামগ্রিকভাৱে সংগঠিত অপৰাধৰ গোচৰতো অভিযোগনামা দাখিলৰ ক্ষেত্রত অসম আৰক্ষীৰ ব্যর্থতা মন কৰিবলগীয়া।
আনহাতে অসমত ২০২০ বৰ্ষত পক্স বা শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা প্ৰদান কৰা আইনৰ অধীনত ১,৪৯৬ টা ঘটনা লিপিবদ্ধ হৈছে। ইয়াৰে ১,০৪৯ টা ধৰ্ষণৰ, ৩২২ টা যৌন উৎপীড়ন আৰু ১২০ টা যৌন নিৰ্যাতনৰ ঘটনা আছে। আনহাতে ক্রমাৎ অসমত চাইবাৰ ক্রাইমৰ ঘটনাও উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ২০১৮ চনত অসমত ২,০২২টা চাইবাৰ ক্রাইমৰ ঘটনা সংঘটিত হৈছিল৷ ২০১৯ত এই সংখ্যা বৃদ্ধি পাইছিল ২,২৩১ টা লৈ৷ ২০২০ চনত ২০১৯ চনতকৈ অসমত ৫০ শতাংশৰো অধিক চাইবাৰ ক্রাইমৰ ঘটনা সংঘটিত হ’ল৷ সৰ্বমুঠ ৩,৫৩০টা চাইবাৰ অপৰাধমূলক ঘটনা ২০২০ বৰ্ষত সংঘটিত হ’ল। বাস্তৱত ৰাষ্ট্রীয় পর্যায়তকৈও অসমত সংঘটিত চাইবাৰ ক্রাইমৰ হাৰ অত্যধিক৷
চাইবাৰ ক্রাইমৰ ঘটনাত অভিযোগনামা দাখিলৰ ক্ষেত্রতো অসমৰ হাৰ দেশৰ ভিতৰত সর্বনিম্ন৷ ৰাষ্ট্রীয় পর্যায়ত যেতিয়া এই হাৰ হৈছে ৪৭.৫, তেতিয়া অসমত চাইবাৰ ক্রাইমৰ ঘটনাত অভিযোগনামা দাখিলৰ হাৰ হৈছে মাত্র ১৯.৪ শতাংশ৷