ক’ভিডৰ ডাবল ভেৰিয়েন্টৰ সংক্ৰমণ ধৰা পৰিছে ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত । এই ঘটনা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম । ডিব্ৰুগড়ত থকা ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছাৰ্চৰ ( আই টি এম আৰ ) আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই ( আৰ এম আৰ চি ) নিশ্চিত কৰিছে এই কথা । মহিলা চিকিৎসক গৰাকীৰ শৰীৰত ক’ভিডৰ আলফা আৰু ডেল্টা এই দুয়োবিধ ভাইৰাছৰ সংক্ৰমণ ঘটিছে । এই বাতৰি উল্লেখ কৰা হৈছে দৈনিক জনমভূমি কাকতৰ এক বিশেষ প্ৰতিবেদনত ।
উল্লেখযোগ্য যে আৰ এম আৰ চি ৰ বিজ্ঞানী ডাঃ বিশ্বজিত বৰকাকতীৰ মতে সমগ্ৰ বিশ্বৰ ভিতৰতে ক’ভিডৰ ডাবল ভেৰিয়েন্ট এজন ব্যক্তিৰ ভিতৰত সংক্ৰমণ হোৱা এইটো চতুৰ্থ ঘটনা । প্ৰাপ্ত তথ্য মতে , ২০২১ চনৰ জানুৱাৰী মাহত ব্ৰাজিলৰ এগৰাকী বিজ্ঞানীৰ শৰীৰত আলফা আৰু ডেল্টা এই দুয়োবিধ ভাইৰাছৰ সংক্ৰমণ ঘটিছিল । ইয়াৰ পাচত পৰ্তুগালৰ এগৰাকী ১৭ বছৰীয়া কিশোৰৰ শৰীৰত আৰু ২০২১ চনৰ মাৰ্চ মাহত বেলজিয়ামৰ এগৰাকী ৯০ বছৰীয়া ব্যক্তিৰ শৰীৰত এই ডাবল ভেৰিয়েন্ট ধৰা পৰিছিল ।
কাকতখনত উল্লেখ কৰা মতে মহিলাগৰাকী ক’ভিড ডিউটিত থকা অৱস্থাতে আলফা ভেৰিয়েন্ট অথবা ইউ কে ভেৰিয়েন্টত আক্ৰান্ত হয় । ইয়াৰ পাচতে যোৱা মাৰ্চ মাহত মহিলা চিকিৎসক গৰাকীয়ে ক‘ভিডৰ দ্বিতীয় পালি টিকাও সম্পূৰ্ণ কৰিছিল । কিন্তু তাৰ পাচতে পুনৰ ক’ভিডত আক্ৰান্ত হোৱাত , পৰীক্ষা কৰাৰ পাচত তেঁওৰ শৰীৰত ডেল্টা ভেৰিয়েন্ট অথবা ইণ্ডিয়ান ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰে ।
উল্লেখ্য যে বৰ্তমান মহিলা চিকিৎসক গৰাকীৰ শৰীৰত অসুস্থতাৰ সামান্য লক্ষণহে দেখা দিছে । তেঁওক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে ডাঃ বৰকাকতীয়ে । আনহাতে মহিলাগৰাকীৰ স্বামীও ক‘ভিডত আক্ৰআন্ত হৈছিল যদিও তেঁওৰ শৰীৰত এই ডাবল ভেৰিয়েন্ট ধৰা পৰা নাছিল ।