বৰ্তমান সময়ত দুচকীয়া বা চাৰিচকীয়া বাহক মানুহৰ জীৱনৰ এক অপৰিহাৰ্য হৈ পৰিছে। বৰ্তমান সময়ত যেন এখন দুচকীয়া বা চাৰিচকীয়া বাহন অবিহনে জীৱনঅতিবাহিত কৰাৰ কল্পনাই কৰিব নোৱাৰি ।কিন্তু অবিশ্বাস্য যেন লাগিলেও এই কথা সঁচা যে বিশ্বত এতিয়াও এনে বহু ঠাই আছে য’ত গাড়ী চলোৱা নিষিদ্ধ ৷ আজি আপোনালোকক ক’বলৈ ওলাইছো তেনে কেইখনমান ঠাইৰ বিষয়ে ৷
ইটালীৰ ভেনিচ-ইটালীৰ একমাত্ৰ চহৰ ভেনিচ য’ত গাড়ী চলোৱাৰ অনুমতি নাই। ভেনিচ এখন অতি ধুনীয়া চহৰ। কিন্তু আমোদজনক কথাটো হ’ল এই চহৰখনত কোনো পথ নাই ৷ বৰঞ্চ পথৰ সলনি ইয়াত আছে বৃহৎ বৃহৎ খাল । সেইবাবেই ইয়াৰ মানুহে যাতায়তৰ বাবে গণ্ডোলা ব্যৱহাৰ কৰে। এই গণ্ডোলা হৈছে এক প্ৰকাৰৰ নাওঁ যি মানুহক গন্তব্যস্থানলৈ লৈ যায়।অৱশ্যে ইয়াত পানীত চলা বাছো চলে ।
গিয়েথৰ্ন, নেদাৰলেণ্ড-ডাচ প্ৰদেশ অভাৰেইজেলৰ এখন সৰু কিন্তু বিচিত্ৰ গাঁও গিয়েথৰ্ন। গিয়েথৰ্নতো গাড়ীৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ ৷ ইয়াতো যিকোনো ঠাইলৈ যাবলৈ নাওঁ ব্যৱহাৰ কৰা হয়। অতি নিস্তব্ধ এই চহৰখনত হাঁহ বা চৰাইৰ চিঞৰ-বাখৰেই হ’ল আটাইতকৈ ডাঙৰ শব্দ ।
মাথেৰাণ, ভাৰত-মাথেৰাণ এখন অতি আকৰ্ষণীয় ঠাই। আপুনি জানি আচৰিত হ’ব যে ই হ’ল এছিয়াৰ ভিতৰতে একমাত্ৰ অটোম’বাইল ফ্ৰী হিল ষ্টেচন। য’ত ঘোঁৰাৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ যোৱা হয়। সঁচা অৰ্থত যেন এই ঠাইখন স্বৰ্গতকৈও কোনো গুণেই কম নহয়। প্ৰচণ্ড শব্দৰ পৰা আতৰি বহু দূৰৈত এক শান্ত চহৰ মাথেৰাণ ।
মেকিনাক দ্বীপ, মিচিগান, আমেৰিকা-মেকিনাক দ্বীপত কাকো গাড়ী চলাবলৈ অনুমতি দিয়া নহয়।প্ৰাচীন আমেৰিকান যুগৰ কথা মনত পেলাই আজিও এই চহৰখনত চাইকেল আৰু টংগাৰে যাত্ৰা কৰা হয় । দৰাচলতে ১৮৯৮ চনত ইয়াত বাস কৰা লোক আৰু ঘোঁৰাৰ সুৰক্ষাৰ কথা ভাবি কৰ্তৃপক্ষই গাড়ী নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। আজিও এই নিষেধাজ্ঞা অব্যাহত আছে আৰু সকলোৱে এই কথা মানি চলিব লগা হৈছে।
বাল্ড হেড দ্বীপ, উত্তৰ কেৰ’লিনা, আমেৰিকা-বাল্ড হেড দ্বীপৰ বিস্তৃত গলফ কোৰ্চ আৰু সমুদ্ৰ তীৰৰ মাজত অৱস্থিত পুৰণি কালৰ কটেজে সকলোকে আকৰ্ষণ কৰে। ইয়াত বৈদ্যুতিক গলফ গাড়ী আৰু চাইকেল পৰিবহণৰ মূল পদ্ধতি। এই চহৰখন ইমানেই নিস্তব্ধ যে তাত গাড়ী চলাই থাকোঁতে এখনো গাড়ী হয়তো দেখা নাপাব। ইয়ালৈ যাবলৈ ২ মিনিটৰ ফেৰী যাত্ৰা কৰিব লাগে । বাহন এৰি গলফ কাৰ্ট, চাইকেলেৰে দ্বীপটোলৈ যাব পাৰি। যদি আপোনাৰ নিজা চাইকেল নাই তেন্তে দ্বীপটোত চাইকেল ভাড়াৰো ব্যৱস্থা আছে।
আলাস্কাৰ হেলিবাট ক’ভ-আলাস্কাৰ এই ঠাইত মাত্ৰ ৯০ জন লোকেহে বাস কৰে। হালিবুট ক’ভ গাঁওখনত জনসংখ্যা কম হোৱাৰ বাবে যাতায়তৰ ব্যৱস্থা নাই যদিও বাহিৰৰ মানুহে ইয়াত গাড়ী চলাব নোৱাৰে। এইখন এখন ধুনীয়া গাড়ীবিহীন গাঁও। এইখন এখন আকৰ্ষণীয় গাঁও য’ত আপুনি পৃথিৱীৰ একমাত্ৰ ওপঙিথকা আমেৰিকান ডাকঘৰটো দেখা পাব।