১৬জুলাই শণিবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এখন ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা ৱাৰ্ডত অনুষ্ঠিত হোৱা এই সজাগতা সভাত ৰাজ্যখনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰ আৰু অন্যান্য বিষয়ববীয়া সকলৰ সক্ৰিয় সহযোগিতাত অনুষ্ঠিত হোৱা এই সজাগতা সভাখনত উপস্থিত থাকে অসমৰ এগৰাকী জেষ্ঠ শিল্পী মণিষা হাজৰিকাৰ লগতে আন বহুকেইগৰাকী গণ্য মান্য ব্যক্তি ৷
ড্ৰাগছ তথা ধঁপাত সেৱনৰ ভয়াবহতাৰ বিষয়ে সজাগতামূলক সভাখনত বিশিষ্ট ব্যক্তিসকলৰ জ্ঞানগৰ্ভ ভাষণে কাৰাবন্দী সকলৰ লগতে উপস্থিত সকলোকে উপকৃত কৰে ৷ কেন্দ্ৰীয় কাৰাগাৰত সময়ে সময়ে অনুষ্ঠিত হৈ থকা এনে অনুষ্মান সমূহৰ জৰিয়তে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী সকলকেই নহয় সমগ্ৰ অঞ্চলৰ ৰাইজকো যথেষ্ট উপকৃত কৰি আহিছে ৷