শৰৎ মানেই এক উৎকণ্ঠা ,শৰৎ মানেই এবুকু হেঁপাহ ৷ যি প্ৰকৃতি প্ৰেমী সকলক ,কবি-লেখক সকলক সদায়েই আকৰ্ষিত কৰে ৷ এতিয়া সমগ্ৰ বিশ্বতে শৰতৰ অপৰূপ শোভাৰ পয়োভৰ ৷ বিশ্বৰ বিভিন্ন ঠাইত এই শৰতৰ মন-প্ৰাণ জুৰোৱা নিত্য-নতুন ৰূপে আকৰ্ষিত কৰে বহু দৰ্শনাৰ্থীক ৷ বৰ্তমান সময়ত শৰতৰ বিনন্দীয়া প্ৰাকৃতিক শোভাৰে সুশোভিত বিশ্বৰ ভিতৰতে এখন অন্যতম দেশ হ’ল চীন ৷
সমগ্ৰ বিশ্বৰ ভিতৰতে বৰ্তমান চীন যেনেকৈ এখন সমৃদ্ধিশালী দেশ ঠিক তেনেকৈ চীনৰ প্ৰাকৃতিক শোভাও অতুলনীয় ৷ বৰ্তমান দেশখনত পয়োভৰ ঘটিছে শৰতৰ অপৰিসীম সৌন্দৰ্য্যৰ ৷ জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত চীনৰ এক আগশাৰীৰ সংবাদ মাধ্যম চি.জি.টি.এনে শ্বেয়াৰ কৰা মেপলগছৰ কেইখনমান আকৰ্ষণীয় ফটোৱে আপ্লুত কৰিছে সকলোকে ৷ সোমবাৰে বেইজিঙৰ পশ্চিম উপনগৰৰ জিয়াংশান পাৰ্কত শৰতৰ অকল্পনীয় শোভা প্ৰদৰ্শন কৰা এই ফটোকেইখনৰ যোগেদি মেপল গছৰ এক আশ্চৰ্যকৰ দৃশ্য দেখা গৈছে ৷ যিয়ে পৰ্যটকসকলকো আকৰ্ষিত কৰিছে। সুগন্ধি পাহাৰ বুলিও জনাজাত এই উদ্যানখনক মেপলৰ সৌন্দৰ্য্য উপভোগ কৰাৰ বাবে বেইজিঙৰ সৰ্বশ্ৰেষ্ঠ স্থানবোৰৰ ভিতৰত অন্যতম স্থান বুলিও গণ্য কৰা হয়।