মহিলা সৱলীকৰণৰ দিশত আৰু এখোজ আগবাঢ়িল ভাৰতবৰ্ষ। শীঘ্ৰে নিযুক্তি হ’ব ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ।চুপ্ৰিম কৰ্টৰ কলেজিয়াম পাঠ্যক্ৰমৰ ন’টি তালিকাত কেন্দ্ৰৰ সন্মতি ক্ৰমে চীলমোহৰ মাৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।
এই তালিকাত ৩ গৰাকী মহিলা বিচাৰপতিৰ নাম সন্নিবিষ্ট আছিল।সুপ্ৰিম কৰ্টৰ প্ৰধান বিচাৰপতি এম ভি ৰামানাৰ নেতৃত্বত কলেজিয়ামৰ ন’টিয়ে যি তিনি গৰাকীৰ নাম আৱেদন কৰিছিল তাৰ ভিতৰতকৰ্নাটক হাই কৰ্টৰ বিচাৰপতি বি ভি নাগাৰত্নেৰ নাম এই তালিকাৰ শীৰ্ষ স্থানত আছে।আৰু আগন্তুক ৩১ আগষ্টত নাগাৰত্নে প্ৰথম মহিলা মুখ্য বিচাৰপতি হিচাপে শপত গ্ৰহণ কৰিব।
ইফালে সকলো ঠিকে-ঠাকে থাকিলে ২০২৭ বৰ্ষৰ ভিতৰত দেশে লাভ কৰিব সৰ্বমুঠ তিনিগৰাকীকৈ প্ৰথম মহিলা প্ৰধান বিচাৰপতি।ইয়াৰোপৰি প্ৰধান বিচাৰপতি এন ভি ৰামানাৰ নেতৃতাধীন সুপ্ৰিম ক’ৰ্টে বিচাৰপতি ইউ ইউ ললিত,বিচাৰপতি এ এম খানউইলকৰ,বিচাৰপতি ভি ওয়াই চন্দ্ৰচূড় আৰু বিচাৰপতি এল নাগেশ্বৰ নামো উল্লেখ কৰিছে।
যদিও এইসকলো পুৰুষ বিচাৰপতিৰ ভিতৰত কলেজিয়ামৰ দ্বাৰা তৈয়াৰ কৰা তালিকাত এই তিনিগৰাকী মহিলা বিচাৰপতিৰ নামহে সন্নিবিষ্ট হৈছে।উল্লেখ যোগ্য যে এই তালিকা অনুসৰি অতি শীঘ্ৰেই ভাৰতবৰ্ষত প্ৰথমবাৰলৈ তিনিগৰাকীকৈ মহিলা মুখ্য বিচাৰপতি নিযুক্তি হ’ব।