ৰাজপথত আমিষ খাদ্য বিক্ৰী কৰাকলৈ নিষেধাজ্ঞা জাৰি কৰিছে গুজৰাটৰ আহমেদাবাদ নগৰ নিগমে৷ এই নিষেধাজ্ঞা মতে সাৰ্বজনীন পথত আমিষ খাদ্য বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয় আৰি ইয়াৰ অধীনত স্কুল,কলেজ বা ধৰ্মীয় স্থানৰ ১০০ মিটাৰৰ ভিতৰত বিক্ৰেতাসকলে কোনো ধৰণৰ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব৷
উল্লেখ্য যে এই স্থলত আমিষ খাদ্য বিক্ৰী কৰাক লৈ ইতিমধ্যেই বহু অভিযোগ উত্থাপিত হোৱাৰ বাবেই আহমেদাবাদ নগৰ নিগমে এই সিদ্ধান্ত গ্ৰহণ কৰে৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে মানুহে নিজৰ ইচ্ছা অনুসৰি খাদ্য খোৱাৰ অধিকাৰ আছে কিন্তু খাদ্য হানিকাৰক হ’ব নালাগে আৰু এই দোকান সমূহৰ বাবে যান-যটৰ সৃষ্টি হ’ব নালাগে৷