প্ৰতিবছৰে কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয় দিনা ভাই দুজ উদযাপন কৰা হয় ৷ সাধাৰণতে পোহৰৰ উৎসৱ দীপাৱলীৰ দুদিন পিছত আৰু গোবৰ্ধন পূজাৰ এদিন পিছত এই উৎসৱ উদযাপন কৰা হয় । ভাই-ভনীৰ মাজত থকা মৰম আৰু পবিত্ৰ বন্ধনৰ প্ৰতীক হৈছে ভাই দুজ ৷
এই দিনটোত ভগ্নীসকলে ভাতৃৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে ৷ কপালত তিলক লগাই তেওঁলোকৰ বাবে সুস্বাদু খাদ্য প্ৰস্তুত কৰে। ভাই দুজৰ দিনা ভগ্নীসকলে ভাতৃক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰি তেওঁলোকৰ প্ৰিয় সুস্বাদু খাদ্যৰে আদৰণি জনায় ৷ আনহাতে ভাতৃয়েও উপহাৰেৰে আদৰ-সাদৰ প্ৰদর্শন কৰে ৷ এই উৎসৱক ভৈয়া দুজ, ভাও বিজ, ভটৰা দ্বীতিয়া, ভাই দ্বীতিয়া আৰু ভাথৰু দ্বীতিয়া নামেৰেও জনা যায়।
ভাই দুজক যম দ্বীতিয়া বুলিও জনা যায় ৷ কিংবদন্তি অনুসৰি যমৰাজৰ ভগ্নী যমুনাই বিভিন্ন অনুষ্ঠানত চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পিছত, অৱশেষত নিজৰ ঘৰলৈ আহিবলৈ ভায়েকক আমন্ত্ৰণ জনোৱাত সফল হৈছিল। ভনীয়েকে তেওঁৰ বাবে এক আড়ম্বৰপূর্ণ অনুষ্ঠান আয়োজন কৰি ব্যঞ্জন প্ৰস্তুত কৰি মিঠাই খুৱাই যমৰাজক আচৰিত কৰি তুলিলে। যমুনাই যমৰাজৰ কপালত টিক্কা লগাই উষ্ম আদৰণি জনায় । আন এক প্ৰবাদ অনুসৰি নৰকাসুৰক পৰাস্ত কৰি ভগৱান কৃষ্ণই ভগ্নী সুভদ্ৰাৰ ঘৰলৈ আহিছিল বাবে ভাই দুজ উডযাপন কৰা হয় ৷ কোৱা হয় যে সুভদ্ৰই কৃষ্ণক ফুলৰ মালাৰে আদৰি লৈ তেওঁৰ কপালত তিলক লগাই তেওঁৰ বাবে আৰতি কৰিছিল। এই দুয়োটা কিংবদন্তিৰ সৈতে ভাই দুজ পালনৰ সম্পৰ্ক আছে।
ভাই দুজৰ শুভ সময়
ড্ৰিকপানচাঙৰ মতে, ২৭ অক্টোবৰৰ দিনৰ ১:০৯ বজাৰ পৰা ৩:৪১ বজাৰ ভিতৰত ভাই দুজ টিক্কা অনুষ্ঠান সম্পন্ন কৰাৰ শুভ সময় আৰু ইয়াৰ মহুৰত ২ ঘন্টা ৩২ মিনিটৰ বাবে থাকে। অৱশ্যে ২৬ অক্টোবৰতো বহুতে ভাই দুজ উদযাপন কৰে ৷ সূৰ্যগ্ৰহণে হয়তো গোবৰ্ধন পূজা (২৬ অক্টোবৰ) আৰু ভাই দুজ (২৭ অক্টোবৰ) উৎসৱত এদিন বিলম্ব কৰিব পাৰে ৷
২৬ অক্টোবৰত ভাই দুজৰ বাবে মহুৰতৰ সময় ২:৪৩ বজাত আৰম্ভ হ’ব আৰু ২৭ অক্টোবৰৰ বিয়লি ১২.৪৫ বজালৈকে চলিব।
ভাই দুজ পূজা বিধি
আজিৰ দিনটোত মহিলাসকলে সূৰ্য্য উদয়ৰ পূৰ্বে স্নান কৰি সূৰ্য্য দেৱক অৰ্ঘ্য প্ৰদান কৰে। ইয়াৰ পিছত ভাই দুজৰ বাবে ৰোলী, অক্ষত, কুমকুম, মিঠাই, ছুপাৰী আদিৰে থাল প্ৰস্তুত কৰা হয় । ভনীয়েকে ভাতৃৰ কপালত তিলক লগাই মিঠাই খুৱাব আৰু শুভ মহুৰত মনত ৰাখি শুকান তামোল উপহাৰ দিয়াৰ লগতে তেওঁলোকৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে ৷ টিক্কা অনুষ্ঠানৰ পিছত ভাতৃ-ভগ্নীয়ে একেলগে বহি মৰমেৰে প্ৰস্তুত কৰা আহাৰ গ্ৰহণ কৰে।
তিলক লগোৱাৰ ৰীতি-নীতি
– ককায়েকৰ কপালত তিলক লগাওঁতে তেওঁ উত্তৰ বা উত্তৰ-পশ্চিম দিশলৈ মুখ কৰিব লাগে ৷ ভগ্নীয়ে উত্তৰ-পূব বা পূব দিশলৈ মুখ কৰি ল’ব লাগে।
– ভগ্নীয়ে ভায়েকৰ কপালত টিক্কা লগোৱাৰ আগতে কোনো উপহাৰ গ্ৰহণ নকৰিব
– ভাই দুজৰ সময়ত সাত্ৱিক খাদ্য থাকিব লাগে আৰু আমিষ কোনো বস্তু খাব নালাগে