বিনা কষ্টৰে লাভ কৰা ধনৰ শৰাধ পাতি বিপদত পৰিল এজন লোক।খবৰ অনুসৰি ভুলবশত এজন ব্যক্তিৰ একাউন্টত পাঁচ লক্ষাধিক টকা সোমাইছিল। সেই টকা পাই উৎফুল্লিত হৈ পৰা ব্যক্তিজনে সমস্ত টকা উলিয়াই আনি খৰচ কৰিবলৈ আৰম্ভ কৰিলে। ব্যক্তিজনৰ মতে সেই ধন তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিছে আৰু সেইবাবেই তেওঁ সেই ধন খৰচ কৰিছে।
এই আচৰিত ঘটনাটো সংঘটিত হৈছে বিহাৰৰ খাগৰীয়া জিলাত।বেংকৰ ভুলৰ বাবেই ৰঞ্জিত দাস নামৰ এই ব্যক্তিজনৰ একাউন্টত সোমাইছিল ৫.৫ লাখ টকা।সেই টকা লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰা লোকজনে সমস্ত টকা উলিয়াই আনি খৰচ কৰিবলৈ আৰম্ভ কৰে।
অৱশ্যে পিছত বেংক কৰ্তৃপক্ষই নিজৰ ভুল জানিব পাৰি লোক জনৰ পৰা সমস্ত ধনৰাশি ঘূৰাই বিচাৰি দাবী জনালে,তেতিয়াই ঘটিল এই আমোদজনক ঘটনাটো।তেওঁৰ মতে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ একাউন্টত জমা কৰি দিয়া এই ধন তেওঁ কোনোপধ্যেই ঘূৰাই নিদিয়ে।
নাচোৰবান্দা এই লোক জনক বেংক কৰ্তৃপক্ষই ধন বিচাৰি কেইবা খনো জাননী জাৰি কৰিছিল যদিও তেওঁ সেই ধন ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল। অৱশেষত বেংক কৰ্তৃপক্ষই ৰঞ্জিত দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এজাহাৰৰ ভিত্তিত ৰঞ্জিত দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।