অসমৰ সাংস্কৃতিক আকাশৰ উজ্জ্বল লক্ষত্ৰ ,অসমীয়া জাতিৰ হিয়াৰ আমঠু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আজি ১১৩সংখ্যক জন্মদিন ৷ এইজনা মহান অসমীয়াৰ জন্ম হৈছিল ১৯০৯চনৰ ৩১জানুৱাৰীত সেইসময়ৰ বাংলাদেশৰ ঢাকাত ৷ একেধাৰে এজন গীতিকাৰ,সুৰকাৰ ,গায়ক ,নৃত্যবিদ ,চিত্ৰশিল্পী,সাহিত্যিক ,অভিনেতা ,নাট্যকাৰ হোৱাৰ উপৰিও চৌষষ্ঠিকলা বিশাৰদ বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী সৈনিক আনহাতে এগৰাকী সু-ৰাজনীতিজ্ঞও ৷
ৰায়বাহাদুৰ গোপালচন্দ্ৰ মুছাহাৰী আৰু গেথিবালা ৰাভাৰ সুযোগ্য সন্তান বিষ্ণুপ্ৰসাদে অসমীয়া জাতিৰ স্বাৰ্থত যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে ৷ স্বাধীনতা আন্দোলনতো সক্ৰিয় অংশ গ্ৰহন কৰা এই বিষ্ণুপ্ৰসাদৰ ত্যাগৰ বাবে অসমীয়া জাতিয়ে তেওঁক সন্মান ও মৰম প্ৰদৰ্শন কৰি সৈনিক শিল্পী আৰু কলাগুৰু উপাধিৰে অলংকৃত কৰিছিল ৷
১৯৪৫চনত তেওঁ আৰ চি পি আইত যোগদান কৰিছিল আনাহাতে ১৯৫১চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পিছত তেওঁ ইণ্ডিয়ান পিপল’স থিয়েটাৰ এছ’চিয়েছনৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ মিচিং কনেং,সোণপাহি,অসমীয়া কৃষ্টিৰ সমূহ আভাস,অতীত অসম আদি সাহিত্য কৰ্মৰ যোগেদি তেওঁ অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে ৷ আনহাতে তেওঁ অসমীয়া জাতিক দি থৈ গৈছে এনে কিছু গীত-মাত যি গীত বৰ্তমান সময়ত বিষ্ণুৰাভা সংগীত নামেৰে সমাদৃত ৷ অসমীয়া মানুহৰ বাবে ,মাটিৰ মানুহৰ বাবে জীৱন বলিদান দিয়া বিষ্ণুপ্ৰসাদে জীৱিত কালত সোণৰ অসম গঢ়াৰ সপোন দেখিছিল ৷কেৱল সপোন দেখাই নহয় সোণৰ অসমৰ গঢ়াৰ স্বাৰ্থত বহুতো ত্যাগো স্বীকাৰ কৰিছিল ৷
তেওঁৰ ওপজা দিন উপলক্ষে সমগ্ৰ অসমতে উদযাপিত হোৱা এই বিশেষ দিনটোতে অসমবাসীক শেহতীয়াকৈ আনন্দিত কৰিছে এক সুখবৰে ৷ জানিব পৰা গৈছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত অসমত অতি শীঘ্ৰেই নিৰ্মাণ কৰা হ’ব কলাক্ষেত্ৰ এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে অসম চৰকাৰে ৷
অজিৰ এই বিশেষ দিনটোক শিল্পী জনাক সুৱঁৰি যাচিলোঁ আমাৰ একাঁজলি শ্ৰদ্ধাঞ্জলি ৷