আশীৰ দশকৰ পৰা বৰ্তমানলৈকে সকলোৰে মাজত অতি জনপ্ৰিয় এটি বিশেষ চকলেট ব্ৰেণ্ডৰ বিজ্ঞাপন সমূহ। নিৰ্দিষ্ট সুৰ থকা এই বিজ্ঞাপনৰ গীতটি সকলোৰে মুখে মুখে। মনত পৰিলেই যেন শুনা পোৱা যায় সেই বিশেষ গান। এই বিজ্ঞাপন হৈছে কেডবেৰি ডেইৰি মিল্ক চকলেটৰ। আৰম্ভণিৰে পৰা বৰ্তমান সময়লৈ বহুতো বিজ্ঞাপন প্ৰচাৰ হ’ল যদিও প্ৰত্যেকটো বিজ্ঞাপনতে শুনিবলৈ পোৱা যায় কেডবেৰি ডেইৰি মিল্কৰ বিশেষ সুৰটি।
উল্লেখ্য যে আশীৰ দশকত এই চকলেটৰ এক বিজ্ঞাপন প্ৰচাৰ হৈছিল। বিজ্ঞাপনটিত দেখা পোৱা গৈছিল এখন ক্ৰিকেট খেল। পুৰুষ ক্ৰিকেটাৰজনৰ সুন্দৰ খেলৰ প্ৰদৰ্শনী দেখি দৰ্শকৰ আসনত ডেইৰি মিল্কৰ চকলেট খাই খেল উপভোগ কৰি থকা এগৰাকী যুৱতীয়ে আনন্দতে ষ্টেডিয়ামৰ মাজলৈ নাচি নাচি সোমাই আহে।
এতিয়া কেডবেৰিৰ সেই বিজ্ঞাপন পুনৰবাৰ প্ৰচাৰ কৰা হৈছে কিন্তু অন্য এক ধৰণেৰে। কেডবেৰিৰ এই নতুন বিজ্ঞাপনে ভাঙিছে লিংগবৈষম্যৰ জাল। জানিবলৈ পোৱা মতে নতুন বিজ্ঞাপনটো কেৱল এক বিজ্ঞাপন হিচাপে নহয় , বাৰ্তাবাহক হিচাপেও সমাদৰ লাভ কৰিছে।
উল্লেখযোগ্য যে নতুন বিজ্ঞাপনৰ পটভূমি আৰু কাহিনী আগৰ দৰেই একেই। কিন্তু এইবাৰ ক্ৰিকেট খেলখন খেলিছে মহিলাই। আনহাতে মহিলা ক্ৰিকেটাৰে ভাল খেল খেলা দেখি দৰ্শকৰ আসনৰ পৰা আনন্দত জঁপিয়াই হাতত কেডবেৰি চকলেট লৈ নামি আহিছে এজন পুৰুষ। বিজ্ঞাপনটিৰ ফ্ৰেম , শ্বট হুবহু একেই , সলনি হৈছে কেৱল ভাৱনা।
চকলেটৰ স্বাদে নাৰী-পুৰুষৰ ভেদাভেদৰ পৰ্দাখন যেন আঁতৰাই দিছে। বহুতৰ মতে এইয়া “ অল্ড ওৱাইন ইন এ নিউ বটল” স্বৰূপ। ইতিমধ্যে পুৰণি ভিডিঅ’টিৰ দৰেই নতুন বিজ্ঞাপনটোৱেও যথেষ্ট সমাদৰ লাভ কৰিছে।