শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ চমুকৈ এছঅ’পিডিজি ২০১৯-২০ অধীনত নিৰ্মিত তিনিখনকৈ পদপথ সেতুৰ শুভ উদ্বোধন কৰে।
অসম চৰকাৰৰ ১০০ দিনীয়া পূৰ্তি উপলক্ষে এই পদপথৰ সেতুকেইখন জনসাধাৰণলৈ উৰ্চগা কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই প্ৰকল্পৰ সৈতে জড়িত সকলো নিৰ্মাণ কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে।
লগতে তেওঁ কয় যে ব্যস্ততাপূৰ্ণ সময়ছোৱাত পথচাৰী সকলক পথ অতিক্ৰম কৰাত এই সেতু কেইখনে যথেষ্ট সহায় কৰিব। ইয়াৰলগতে এই সেতু কেইখনে মহানগৰখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব।
উল্লেখ যোগ্য যে ২৮ মিটাৰ দৈৰ্ঘ্যৰ ১,০৩৮ লাখ টকা ব্যয় সাপেক্ষে আদাবাৰী এ-টি ৰ’ড পদপথ সেতু, ৯৭০.৬০ লাখ ব্যয় সাপেক্ষে ২৮ মিটাৰ দৈৰ্ঘ্যৰ বড়িপাৰা এ-টি ৰ’ড পদপথ সেতু আৰু ৭৯৮.০৪ লাখ টকা ব্যয় সাপেক্ষে ১৯.৭০ মিটাৰ দৈৰ্ঘ্যৰ শুক্ৰেশ্বৰ পদপথ সেতু নিৰ্মাণ কৰা হৈছিল।
লগতে মুখ্যমন্ত্ৰীয়ে এই কথাও উল্লেখ কৰে যে গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইত নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেতুৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হৈ উঠিব। একেদৰে মহানগৰ খনৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন প্ৰকল্পৰ কাম হাতত লোৱাৰ কথাও জানিবলৈ দিয়ে।
ইতিমধ্যে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ ওচৰত ২৪০ খনকৈ বাহন ৰাখিব পৰাকৈ স্বয়ংক্ৰিয় বহুমুখী কাৰ পাৰ্কিং মুকলি কৰা হৈছে। একেদৰে ফাঁচী বজাৰৰ পুৰনি কাৰাগাৰৰ চৌহদত এখন উদ্ভিদ উদ্যান স্থাপনৰ কাম আৰম্ভ কৰা হৈছে।
ইয়াৰোপৰি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে মহানগৰ আৰক্ষী আয়ুক্ত,উপায়ুক্তৰ ঐতিহাসিক ভৱন সমূহৰ সংৰক্ষণৰ কামো ক্ষীপ্ৰ গতিত চলি আছে। সকলো কাম সম্পূৰ্ণ হৈ উঠিলে অতি সোনকালে এই ঐতিহাসিক ভৱন সমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব।