১৬০০শতিকাত কমতাপুৰ ৰাজ্যৰ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল শুক্লধ্বজ যি নিজৰ বীৰত্বৰ বাবে সমগ্ৰ অসমতে চিলাৰায় নামেৰে জনাজাত। কমতাপুৰ ৰাজ্যৰ পৰাক্ৰমী ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত বীৰ শুক্লধ্বজ আছিল মুখ্য সেনাপতি। চিলা আৰু ঈগলৰ দৰে তীব্ৰ গতিবেগেৰে উৰি উৰি যুদ্ধক্ষেত্ৰত শত্ৰুৰ সৈতে যুদ্ধ কৰা, নিজৰ সেনাক নেতৃত্ব দিয়া সেই বীৰ যোদ্ধাগৰাকী চিলাৰায় নামেৰে জনাজাত।
বিশ্ব সিংহৰ তৃতীয় সন্তান আছিল চিলাৰায়। কমতাপুৰৰ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায় প্ৰজাৰ প্ৰতি সদায় সহানুভূতিশীল আছিল আনহাতে নিজৰ শত্ৰু বা বন্দীকো সদায় সন্মানৰ চকুৰে চাইছিল দুই বীৰ ভাতৃয়ে ৷ সেয়েহে ৰজা-প্ৰজা সকলোৰে প্ৰিয় আছিল দুয়ো ৷
১৫৭৭চনত বসন্ত (সৰু আই)ৰোগত অক্ৰান্ত হৈ গংগাৰ পাৰত এই জনা মান বীৰৰ মৃত্যু হয় ৷
অসমৰ মহান বীৰ সন্তান চিলাৰায়ৰ বীৰত্বৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে ২০০৫চনত হিন্দু কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমাত অসমত এই চিলাৰায় দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে সাংস্কৃতিক সঞ্চালকালয় অসমেও ২০০৫চনৰ পৰাই প্ৰতিবছৰে অসমৰ বীৰ সন্তান গৰাকীৰ নামত এক বঁটা প্ৰদান কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে ৷