বৰ্তমান বিশ্বৰ ভিতৰতে এখন লেখত ল’বলগীয়া দেশ চীন যি বৰ্তমান কোনো দিশতেই বিশ্বৰ আন আন উন্নত দেশসমূহতকৈ পিছ পৰি থকা নাই ৷ যোৱা দুটা বছৰত যদিও দেশখন এক ভয়াবহ পৰিস্থিতিৰ সন্মূখীন হৈছিল তথাপি সময়ৰ সৈতে সাহসেৰে যুঁজ দি পুনৰ প্ৰাণ পাই উঠিছে চীনে ৷
এই চীনৰ প্ৰাকৃতিক সৌন্দৰ্যই সদায়েই বিদেশী পৰ্যটক সকলকো আকৰ্ষিত কৰি আহিছে ৷ চীনৰ চিয়াংছি প্ৰদেশৰ ছিন য়ু নামৰ চহৰখন এতিয়া প্ৰাকৃতিক শোভাৰে সুশোভিত হৈ পৰিছে ৷ সামাজিক মাধ্যমত বহুল ভাৱে প্ৰচাৰিত হৈছে ৰং-বৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰা চহৰখনৰ বহু আকৰ্ষণীয় ছবি ৷ অৱশ্যে ছিন য়ু চহৰৰ দৰে চীনৰ নানান চহৰত এতিয়া ফুল ফুলিছে আৰু পাহাৰৰ নামণিত ধান পকিবলৈ ধৰিছে। তুলনামূলক ভাৱে এইবাৰ যথেষ্ট ধান উৎপাদন হৈছে দেশখনত ।
উল্লেখনীয় যে শেহতীয়া বছৰবোৰত চীনৰ এই ছিন য়ু চহৰখনে গ্ৰাম্য পুনৰুজ্জীৱিতকৰণ আৰু বিকাশৰ প্ৰক্ৰিয়াত পৰিৱেশ সুৰক্ষা শক্তিশালী কৰি, নদী আৰু জলাশয়ৰ দৰে গুৰুত্বপূৰ্ণ জলজ সম্পদ আৱণ্টন কৰাত আৰু জলসিঞ্চন এলেকা পুনৰ নিৰ্মাণ কৰাত সহায় কৰি খাদ্য উৎপাদনৰ দক্ষতা আৰু মানদণ্ডৰ উন্নতি নিশ্চিত কৰিছে ৷
‘পানী আৰু পৰ্বত অমূল্য সম্পদ’ এই ধাৰণাটো পালন কৰাৰ লগতে একে সময়তে গ্ৰাম্য পৰ্যটন, পাৰিপাৰ্শ্বিক অৱসৰ আৰু উদ্যোগসমূহৰ বিকাশৰ ক্ষেত্ৰখনকো প্ৰবল শক্তিশালী কৰি তুলিছে দেশখনে।