ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ কিছু সু খবৰ কঢ়িয়াই আনিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ক’ভিড পৰিস্থিতি বৰ্তমানৰ দৰে স্থিৰ হৈ থাকিলে অক্টোবৰ মাহত চিনেমা গৃহসমূহ পুনৰ মুকলি কৰাৰ কথা বিবেচনা কৰি চোৱা হ’ব বুলি তেখেতে জানিবলৈ দিয়ে।
বিগত কিছু মাহ ক’ভিডৰ ভয়াবহ সংক্ৰমণলৈ লক্ষ্য ৰাখি চিনেমা গৃহসমূহ বন্ধ ৰখা হৈছিল। যিহেতু ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰলৈ আহিছে গতিকে চিনেমা গৃহসমূহ পুনৰ মুকলি কৰাৰ সম্ভাৱনাও বাঢ়ি আহিছে।
অৱশ্যে সাংবাদিকৰ সৈতে হোৱা সাক্ষাতৰ সময়ত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে চলিত ছেপ্টেম্বৰ মাহৰ ক’ভিড পৰিস্থিতি লক্ষ্য কৰিহে চিনেমা গৃহ পুনৰ খুলি দিয়া সম্পৰ্কে সিদ্ধান্ত ল’ব পৰা হ’ব। চিনেমা গৃহ সমূহ মুকলি কৰি দিলেও সম্পূৰ্ণ ক’ভিড নীতি মানি চলিব লাগিব বুলিও বক্তব্য আগবঢ়াই কেশৱ মহন্তই।
উল্লেখ্য যে দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি চিনেমা গৃহৰ কৰ্মচাৰী সকলে চিনেমা গৃহ পুনৰ মুকলি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাজ্যৰ সকলো ৰাজহুৱা অনুস্থান ইতিমধ্যে খুলি দিয়া হৈছে যদিও চিনেমা গৃহ সমূহ বন্ধ কৰি ৰখা হৈছে। এই কথা অত্যন্ত অযুক্তিকৰ বুলিও মন্তব্য কৰিছিল প্ৰতিবাদকাৰীসকলে।