২০২২ বৰ্ষৰ ৬ মে’ত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৯ তম সমাৱৰ্তন অনুষ্ঠান ৷উক্ত অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জগদীশ মুখীয়ে বিশিষ্ট শিক্ষাবিদ অধ্যাপক ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইক সন্মানীয় ডিএছচি প্ৰদান কৰিব ৷ আনহাতে সাহিত্যিক সুমন্ত চলিহা ,নহেন্দ্ৰ পাদুন আৰু লোক সংস্কৃতিৰ সাধক ধৰ্মসিংহ টেৰণক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য গৰাকীয়ে প্ৰদান কৰিব সন্মানীয় পিএইচডি ৷
অনুষ্ঠানটোত, সকলো পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ন হোৱা প্ৰাৰ্থীসকলক ডিগ্ৰী/ডিপ্লোমাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব ৷ ২০২০ চনৰ ১ জানুৱাৰী আৰু চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত উক্ত ফলাফল সমূহ ঘোষণা কৰা হৈছিল। এই সময়ছোৱাত বিশ্ববিদ্যালয়ৰ পৰা ডি লিট, ডি এছ চি, এম ফিল আৰু পিএইচডি ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীসকলকো আনুষ্ঠানিক ভাৱে ডিগ্ৰী প্ৰদান কৰা হ’ব। এই গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰ সভাপতিত্ব কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে ।
জানিবপৰা মতে সমাৱৰ্তন অনুষ্ঠানটোত ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদৰ অধ্যক্ষ অধ্যাপক কে কে আগৰৱালা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে ভাষণ প্ৰদান কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰি এক শৈক্ষিক শোভাযাত্ৰাৰ নেতৃত্ব দিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথে ৷