VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গো-সুৰক্ষা হিন্দুৰ মৌলিক অধিকাৰ: এলাহাবাদ হাইকোৰ্ট

voicedesk by voicedesk
September 2, 2021
in সমাজ, জীৱন
গো-সুৰক্ষা হিন্দুৰ মৌলিক অধিকাৰ: এলাহাবাদ হাইকোৰ্ট
0
SHARES
168
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জনজীৱনত গৰুক লৈ চৰ্চাৰ অন্ত নাই। প্ৰবাদ-প্ৰবচন, ফকৰা-যোজনা, উপমা, ঠাট্টা-মস্কৰা সকলোতে মুঠতে গৰু ! শেহতীয়া কিছু বছৰজুৰি গৰু কেন্দ্ৰিক আলোচনাই ঘৰে-বাহিৰে সকলোতে মুখ্যস্থান লাভ কৰিছে।

অসমীয়া ফকৰা “যাৰ নাই গৰু, সি সবাতোকৈ সৰু” কথাষাৰ আজিৰ জীৱনধাৰাত খাপ নাখালেও হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে এতিয়া গৰু হৈ পৰিছে মান-সন্মান আৰু গৌৰৱৰ প্ৰতীক।

শেহতীয়াকৈ “গৰু”ৰ মহত্ব আৰু গুৰুত্ব সন্দৰ্ভত এলাহাবাদ হাইকোৰ্টত উত্থাপিত এক প্ৰসংগই গৰুপ্ৰেমীসকলকো ভাবিবলৈ বাধ্য কৰিছে গৰুৰ মূল্য আৰু প্ৰাধান্য!

এলাহাবাদ হাইকোৰ্টে বাঘ নহয়, গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিবলৈ পৰামৰ্শ আগবঢ়াইছে। বুধবাৰে ন্যায়াধীশ শেখৰ কুমাৰ যাদৱৰ এজনীয়া বিচাৰপীঠে গো হত্যা সম্বন্ধীয় এটা গোচৰত এনেধৰণৰ বিষয়ৰ অৱতাৰণা কৰে।

গৰু কটাৰ বাবে জাভেদ নামৰ এজন ব্যক্তিক ‘উত্তৰ প্ৰদেশ গো হত্যা বিৰোধী আইন’ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। জাভেদৰ জামিনৰ আবেদন নাকচ কৰি ন্যায়াধীশ শেখৰ যাদৱে মন্তব্য কৰে যে, গৰু সভ্যতাৰ সৈতে ওত:প্ৰোতভাৱে জড়িত। বেদ আৰু মহাভাৰতৰ দৰে ভাৰতীয় প্ৰাচীন গ্ৰন্থসমূহত গৰুক গুৰুত্বপূৰ্ণ অংশ হিচাপে দাঙি ধৰা হৈছে।

বিচাৰকজনে কৈছিল যে এইটো জাভেদৰ প্ৰথম অপৰাধ নহয়, তেওঁ আগতেও গৰু হত্যাত লিপ্ত হৈছে। ইয়াৰ ফলত সামাজিক বিভেদ সৃষ্টি হৈছিল আৰু যদি জাভেদক জামিনত মুকলি কৰা হয়, তেন্তে তেওঁ অপৰাধৰ পুনৰাবৃত্তি কৰাৰ সম্ভাৱনা আছে যাৰ ফলত অধিক উত্তেজনা সৃষ্টি হ’ব পাৰে।

ন্যায়াধীশ যাদৱৰ মতে গৰুৰ ভাল হ’লেহে দেশৰ ভাল হ’ব। তেওঁ লগতে কয় যে ভাৰতত নাগৰিকসকলৰ দৰে গৰুৰো মৌলিক অধিকাৰ থকা উচিত। তেখেতে ইয়াৰ বাবে সংসদত বিধেয়ক গৃহীত কৰি নতুন আইন প্ৰণয়নৰ পৰামৰ্শও দিয়ে।

পৰিস্থিতি বিবেচনা কৰি গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰা উচিত আৰু গৰুৰ সুৰক্ষা ভাৰতৰ হিন্দুসকলৰ মৌলিক অধিকাৰৰ অংশ হোৱা উচিত বুলিও যাদৱে পৰামৰ্শ আগবঢ়ায়।

১৯৫৫ চনৰ উত্তৰ প্ৰদেশ গৰু হত্যা প্ৰতিৰোধ আইনখন ১৯৫৬ চনৰ ৬ জানুৱাৰীত ৰাজ্যখনত কাৰ্যকৰী কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে মে ২০১৭ ত থলুৱা প্ৰজাতিবোৰ সংৰক্ষণ আৰু উন্নত কৰাৰ বাবে, আৰু গৰু, পোৱালী আৰু অন্যান্য দুগ্ধজাত গৰু হত্যা নিষিদ্ধ কৰিছিল।

২০১৭ চনতো ৰাজস্থান হাইকোৰ্টে গৰুক শীঘ্ৰেই ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। ৰাজস্থান আদালতে আনকি গো হত্যাত দোষী সাৱ্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ দাবীও তুলিছিল।

শেহতীয়াকৈ অসমতো মন্দিৰৰ ৫ কিলোমিটাৰৰ ভিতৰত গো মাংস বিক্ৰী বন্ধ কৰা হৈছে। অসম বিধানসভাত গো সংৰক্ষণ বিধেয়ক গৃহীত কৰা হৈছে।

Previous Post

টেজেডি কিং খ্যাত প্ৰয়াত অভিনেতা দিলিপ কুমাৰৰ পত্নী চায়েৰা বানুক সংকট জনক অৱস্থাত মুম্বাইৰ হিন্দুজা হাস্পাতালত ভৰ্তি

Next Post

ভয়ংকৰ তথ্যঃ ১৩ টিকৈ শিশুসহ উজনিত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভয়ংকৰ তথ্যঃ ১৩ টিকৈ শিশুসহ উজনিত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা

ভয়ংকৰ তথ্যঃ ১৩ টিকৈ শিশুসহ উজনিত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7