দেওবাৰে বিফল হৈছিল তাজমহলত ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা । কেইবা কিলোমিটাৰ জোৰা দীঘলীয়া শাৰীত ভিৰৰ হেঁচাত শিশুসকল আটাইতকৈ শোচনীয় অৱস্থাৰ সন্মুখীন হৈছিল। ভিৰৰ মাজত হেঁচা থেলাত শিশুসকলে চিঞৰিবলৈ আৰম্ভ কৰিছিল। আনহাতে পৰিয়ালৰ সদস্যসকলে শাৰীত আৱদ্ধ শিশুসকলক চম্ভালি থকা দেখা গৈছিল। মাত্ৰ এখন সৰু গেটেৰে প্ৰৱেশ কৰিবলৈ দিয়া বাবে মানুহে দিঘলীয়া শাৰীত তিনিৰ পৰা চাৰি ঘণ্টা অপেক্ষা কৰিব লগা হৈছিল । উক্ত দিনটোত ৬৫,০০০ ৰো অধিক পৰ্যটকে তাজমহল ভ্ৰমণ কৰিছিল।
‘আজাদী কে অমৃত মহোৎসৱ’ৰ অংশ হিচাপে তাজমহলকে ধৰি দেশৰ সকলো স্মৃতিস্তম্ভতে প্ৰৱেশ মাচুল লোৱা হোৱা নাই আৰু সেয়েহে বহু সংখ্যক পৰ্যটকে এতিয়া স্মাৰকসমূহত ভিৰ কৰিছে। সেয়েহে দেওবাৰে, তাজমহলত ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বিফল হোৱা দেখা গৈছিল।
তাজমহলৰ পূব আৰু পশ্চিম দুৱাৰৰ টাৰ্ণ ষ্টাইল গেটেৰে তাজমহলত ভ্ৰমণকাৰীসকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল।প্ৰৱেশৰ বাবে ৰৈ থকা আঢ়ৈ কিলোমিটাৰতকৈও দীঘল শাৰীৰ পৰা সৰু গেটেৰে এজন এজনকৈ পৰ্যটকসকলক ভিতৰলৈ যাবলৈ দিয়া হৈছিল যৰ বাবে তেওঁলোকে অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছিল আৰু উৎকত গৰমত শিশুসকলৰ অৱস্থা দুখজনক হৈছিল । মূল গম্বুজৰ শাৰীত এই পৰিস্থিতি দেখা গৈছিল য’ত প্ৰখৰ ৰ’দত শিশুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।
তাজমহলৰ বৃদ্ধ পৰ্যটকসকলো বিচলিত হৈ পৰিছিল। আনহাতে তাজমহলৰ মূল সমাধিত জোতাৰ ওপৰত পিন্ধা নীলা অৱৰনৰ স্তূপ সৃষ্টি হৈছিল। ভিৰৰ বাবে এই ব্যৱস্থাও বিফল হৈছিল।
পশ্চিম গে’টৰ পাৰ্কিং লটটো দুপৰীয়া ১২ বজাত পূৰ্ণ হৈছিল যাৰ বাবে পৰ্যটকসকলে তাজমহলৰ প্ৰৱেশদ্বাৰলৈ তিনি কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। ইয়াত শাৰীত সোমাবলৈকো মানুহৰ মাজত হতাহতি হৈছিল।
অধীক্ষক পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে এই সন্দৰ্ভত কৈছে যে সপ্তাহান্তত তাজমহলত অত্যাধিক ভিৰ হোৱাৰ বাবে বিশৃংখলতাৰ সৃষ্টি হৈছিল। তেওঁলোকে সোমবাৰৰ পৰা ব্যৱস্থাবোৰ সলনি কৰিব আৰু অতিৰিক্ত কৰ্মচাৰী নিয়োজিত কৰা হ’ব।লগতে অন্যান্য দিশতো উন্নতি কৰা হ’ব।