আজি বিশিষ্ট সাহিত্যিক ডঃ মহেন্দ্ৰ বৰাৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিশটোতে তিনিচুকীয়াৰ টিংখঙত তেওঁৰ জন্ম হৈছিল । ১৯৭১ চনত তেওঁ ‘অসমীয়া ছন্দৰ মূল তত্ত্ব আৰু তাৰ ইতিহাস’ বিষয়ৰ গৱেষণাৰ বাবে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেওঁ ডিব্ৰুগড় কানৈ কলেজৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি দৰং মহাবিদ্যালয়, কটন মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়, বিলাসীপাৰা মহাবিদ্যালয় আৰু অৱশেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষকতা কৰে । সাহিত্যিক হিচাপে তেওঁ ৫০খনৰো অধিক মূল্যবান গ্ৰন্থ লিখি থৈ গৈছে । জাতিস্মৰ, ৰূপৰ টিলিঙাৰ মাত, নীলা ধতুৰাৰ ফুল আদি তেওঁৰ কবিতাপুথি । সাহিত্য কাকলি, সাহিত্য জেউতি, কবিতা কৰণী আদি পাঠ্যপুথি । ফুল তৰা গান, ৰমণ্যাসবাদ, সমাজবাদৰ কথা আদি তেওঁৰ আলোচনামূলক গ্ৰন্থ । 1857 in Assam, Fundamentals of Assamese Metre, The evolution of Assamese Script আদি তেওঁৰ ইংৰাজী গ্ৰন্থ । তেওঁ এগৰাকী ভাল অনুবাদকো আছিল । গীতা, মহাভাৰত, গালিভাৰ, ইয়েৰ্লিং আদি তেওঁৰ অনুবাদমূলক গ্ৰন্থ । ‘উপলা নদীৰ দৰে’ তেওঁ আত্মজীৱনী । তেওঁ ‘মণিদীপ’ আলোচনীৰো সম্পাদক আছিল । অসম সাহিত্য সভা পত্ৰিকাৰ উপৰি ইংৰাজী দৈনিক বাতৰি কাকত ইষ্টাৰ্ণ ক্লেৰিয়নৰো সম্পাদনা কৰিছিল । ১৯৯৪ চনত তেওঁ শংকৰদেৱ বঁটা লাভ কৰে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।