আজি মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ স্মৃতি দিৱস । এই মাৰ্কিন মহাকাশচাৰীগৰাকী আছিল পেছাত এগৰাকী মহাকাশ (Aeronautical) অভিযন্তা তথা আমেৰিকাৰ চিনচিনাটি বিশ্ববিদ্যালয়ৰ অধ্যাপক । ১৯৬২ চনত তেওঁ মহাকাশচাৰী হিচাপে নাছাত যোগদান কৰে আৰু ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে মহাকাশযান চলায় । তেওঁ আছিল মহাকাশত উৰা নাছাৰ প্ৰথমগৰাকী অসামৰিক মহাকাশচাৰী । নাছাৰ মহাকাশচাৰী হিচাপে দুই সহযোগী ক্ৰমে মাইকেল কলিনছ আৰু বুজ এলড্ৰিনৰ সৈতে চন্দ্ৰ অভিযানত অংশ লৈ ১৯৬৯ চনৰ ২০ জুলাইৰ দিনা তেওঁ চন্দ্ৰপৃষ্ঠত খোজ দিয়ে । চন্দ্ৰপৃষ্ঠত খোজ দিয়া তেৱেই আছিল প্ৰথমগৰাকী মানৱ । ২০১২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । মহাকাশচাৰীগৰাকীলৈ আমাৰ প্ৰণাম ।