আজি বিশিষ্ট কমিউনিষ্ট নেতা হো চি মিনৰ স্মৃতি দিৱস । তেওঁ আছিল ভিয়েটনামৰ এগৰাকী কমিউনিষ্ট বিপ্লৱী । তেওঁ মাৰ্ক্সবাদ-লেনিনবাদ আদৰ্শৰ অনুগামী । তেওঁ ভিয়েটনাম ৱৰ্কাৰ্ছ পাৰ্টীৰ সভাপতি আছিল । তেওঁ দলটোৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । ভিয়েটনামৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ পুৰোধা আছিল । স্বাধীনতাৰ পিছত তেওঁ ভিয়েটনাম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ প্ৰধানমন্ত্ৰী (১৯৪৬-১৯৫৫) আৰু ৰাষ্ট্ৰপতি (১৯৪৫-১৯৬৯) পদত অধিষ্ঠিত হৈছিল । ১৯৬৯ চনৰ আজিৰ দিনটোতে ভিয়েটনামৰ হানৈত তেওঁৰ দেহাৱসান ঘটে । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।