দেশৰ এগৰাকী বিশিষ্ট ব্যক্তি একেধাৰে দাৰ্শনিক ,সমাজ সংস্কাৰক তথা ধৰ্মীয় পথ-প্ৰদৰ্শক আছিল কেশৱ চন্দ্ৰ সেন ৷এইজন মহান ব্যক্তি কেশৱ চন্দ্ৰ সেনৰ জন্ম হৈছিল ১৮৩৮চনৰ ১৯ নৱেম্বৰত৷
স্বাধীনতা যুদ্ধৰ সময়ছোৱাত শ্ৰমিক শ্ৰেণীৰ শিশুসকলৰ বাবে সান্ধ্য বিদ্যালয় প্ৰতিষ্ঠা কৰি তেওঁ দেশৰ বাবে এক বৃহৎ অৱদান আগবঢ়াইছিল ৷ আনহাতে তেওঁ সমাজত বিধৱা বিবাহ আৰু অসবৰ্ণ বিবাহ প্ৰচলনৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল ৷ তেওঁৰ আধ্যাত্মিক গুৰু আছিল ৰামকৃ্ষ্ণ পৰমহংস দেৱ ৷তেওঁ প্ৰথম অৱস্থাত ব্ৰাহ্ম সমাজৰ সক্ৰিয় সদস্য আছিল যদিও পিছলৈ ‘ভাৰতবৰ্ষীয় ব্ৰাহ্মসমাজ’ নামেৰে নিজাকৈ এক অনুষ্ঠানৰ জন্ম দিছিল ৷সেইসময়ত কলিকতা ব্ৰাহ্ম সমাজৰ ‘ইণ্ডিয়ান মিৰ’ৰ’ নামৰ এখন সাপ্তাহিক জাৰ্নেলত কেশৱ চন্দ্ৰ সেনৰ বহু প্ৰবন্ধ প্ৰকাশ পাইছিল ৷
১৮৮৪চনৰ ৮জানুৱাৰীৰ দিনা দেশৰ কাৰণে সমাজৰ কাৰণে জীৱন উৎসৰ্গা কৰা এইগৰাকী মহান ভাৰতীয়ই ইহলীলা সম্বৰণ কৰে ৷