অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যোৱা ৪ আগষ্ট বুধবাৰে এক কেবিনেট বৈঠক অনুস্থিত হৈ যায় । এই বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে নগৰ অঞ্চলত ফ্লেট ক্ৰয় বা বিক্ৰী কৰিবৰ বাবে জিলা প্ৰশাসনৰ কোনো অনুমতি ল’ব নালাগে।ফ্লেট পঞ্জীয়ন কাৰ্য সহজ কৰাৰ লক্ষ্যৰে কেবিনেটে গ্ৰহণ কৰে এই সিদ্ধান্ত। ক্ৰেতা বা বিক্ৰেতাই নিজেই পঞ্জীয়ন কাৰ্য সমূহ সম্পন্ন কৰিব পাৰিব বুলি জনোৱা হয়।
চৰকাৰে খিলঞ্জীয়া ভূমিহীন লোকক পূৰ্বৰ তিনিবছৰৰ বিপৰীতে এতিয়াৰে পৰা মাটি প্ৰদান কৰাৰ সময়তেই ম্যাদী পট্টা প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে ১৫ বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব।
ৰাজ্যিক কেবিনেটে শিক্ষা বিভাগত খালী হৈ থকা ২২,৯২১ টা পদ পূৰণৰ নিযুক্তি প্ৰক্ৰিয়াত পুনৰ অনুমোদন জনায়। ইয়াৰে প্ৰাথমিক শিক্ষাত দহ হাজাৰ তথা মাধ্যমিক শিক্ষাত ১২,৯২১ টা পদ পূৰণ কৰা হ’ব ।
আনহাতে পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪ টা পদৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ লগতে বড়ো মাধ্যম, গাৰো মাধ্যম আৰু মনিপুৰী মাধ্যমৰ বাবেও বিশেষ টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব।
শিক্ষা বিভাগৰ এই নিযুক্তি প্ৰক্ৰিয়া ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি কেবিনেটৰ সিদ্ধান্তত জানিবলৈ দিয়ে।
উল্লেখ্য যে ১ লাখ চাকৰিৰ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে বিগত কেবিনেটে আৰক্ষী বিভাগৰ প্ৰায় ১৫ হাজাৰ পদ পূৰণৰ অনুমোদন জনাইছিল।কেবিনেটে এই অনুমোদন কাৰ্যকৰী কৰিবৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে ।
প্ৰাক্তন সাংসদ শ্ৰী ৰমেন ডেকাক “ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগৰ” সহ উপাধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰাৰ লগতে কেবিনেট মৰ্য্যদা প্ৰদানৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে।
কেবিনেটত ৰাজ্য চৰকাৰে “গোৰ্খা” নাগৰিক সকলক বিদেশী ৰূপে কোনো ধৰণৰ গোচৰ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।লগতে বিদেশী ন্যায়ীধীকৰণত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত চলি থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।