পুৰস্কাৰ প্ৰাপ্তিয়ে সদায় মানুহক সৎ কামৰ প্ৰতি উৎসাহিত কৰে। পুনৰ অসম আৰক্ষীৰ দুজন কৰ্মচাৰীয়ে লাভ কৰা পুৰস্কাৰে এতিয়া খবৰৰ শিৰোনামা দখল কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানক সৎ পথেৰে আগবাঢ়ি যাবলৈ জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই দুজন আৰক্ষী বিভাগৰ কৰ্মচাৰী ক্ৰমে সহকাৰী উপ-পৰিদৰ্শক কুমুদ চন্দ্ৰ তালুকদাৰ আৰু কনিষ্টবল তানুক চন্দ্ৰ দাসে লাভ কৰিলে অসম আৰক্ষী বিভাগৰ বিশেষ পুৰস্কাৰ।
সোণ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্ৰাহ্য কৰি কামৰূপ জিলাৰ দদৰাত এখন চাৰিচকীয়া বাহনৰ পৰা প্ৰায় এক কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ কৰিছিল এই দুজন আৰক্ষী বিষয়া-কৰ্মচাৰীয়ে।
এইকথা প্ৰকাশ হোৱাৰ পিছতেই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দুয়োজন কৰ্মচাৰীকে একোখনকৈ প্ৰশংসাপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে।
উল্লেখযোগ্য যে ইয়াৰপূৰ্বেও চোৰাং সামগ্ৰীৰ মোটা ধনৰ প্ৰলোভনক অগ্ৰাস্য কৰি এজন গৃ্হৰক্ষী জোৱান বৰছিং বে‘ য়ে পুৰস্কৃত হোৱাৰ লগতে কনিষ্টবল পদত নিযুক্তি লাভ কৰিছিল।
পুৰস্কাৰ প্ৰদান কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দুয়োগৰাকী বিষয়া-কৰ্মচাৰীকে তেওঁলোকৰ সততা,নিষ্ঠা,কৰ্তব্যনিষ্ঠাক শলাগ লোৱাৰ লগতে আগন্তুক দিনটো এনেধৰণে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়।