হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস অনুসৰি ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰী ৰামচন্দ্ৰ ১৪ বছৰ বনবাসৰ পিছত অযোধ্যালৈ উভতি অহাৰ বাবেই পালন কৰা হয় এই আনন্দোৎসৱ ।তেওঁৰ ঘৰলৈ ঘূৰি অহাৰ বাবে সমগ্ৰ অযোধ্যাবাসীয়ে চাকি বা দীপ জ্বলাই সমগ্ৰ অযোধ্যা চহৰ উজ্বলাই তুলিছিল বাবেই এই উৎসৱৰ নাম দীপান্বিতা বা দীপাৱলি ।
অৱশ্যে দেশৰ পূব অংশত আৰু বিশেষকৈ অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ লোকসকলে এই দেৱালী উৎসৱত দেৱী দুৰ্গাৰ আন এক সংহাৰী, ভয়ংকৰ আৰু খঙাল অৱতাৰ কালীদেৱীক আৰাধনা কৰে ।
এই দেৱী প্ৰতিমাৰ চকুত খং আৰু তেওঁৰ জিভা বাহিৰলৈ ওলাই থকা দেখা যায়। দেৱী কালিৰ দেহৰ বৰণ ক’লা যি কটা মুৰৰ মালা পিন্ধি থকা দেখা যায় । কোৱা হয় যে দেৱী কালী হৈছে অশুভশক্তি নাশিনী এক শুভ প্ৰতীক।
খঙত দেৱী দুৰ্গাই এই অৱতাৰ ধাৰণ কৰিছিল আৰু তেওঁ ‘দুষ্ট’ বুলি গণ্য কৰা ৰাক্ষস আৰু আন প্ৰাণীবোৰক এফালৰ পৰা হত্যা কৰি তেওঁলোকৰ কটা মূৰৰ মালা পিন্ধিছিল।অৱশ্যে ভক্তসকলৰ মনত তেওঁ বিশ্বৰ সৰ্বোচ্চ নাৰী শক্তি । ভক্তসকলক যিকোনো বিপদৰ পৰা সুৰক্ষিত কৰা মাতৃস্বৰূপা ঐশ্বৰিক শক্তিয়েই হ’ল দেৱী কালিৰ ৰূপ ।
পশ্চিম বংগত এই উৎসৱে যথেষ্ট গুৰুত্ব বহন কৰে। কলকাতাৰ চেতলা অঞ্চলৰ চেতলা দুৰ্গাপুৰ জগৰাণী সংঘত, এই পূজাত এক অনন্য পৰম্পৰা অনুসৰণ কৰা হয় য’ত মূৰ্তিৰ সলনি ‘জীৱন্ত’ কালী (অৰ্থাৎ, ‘জীৱন্ত’ দেৱী কালী)ক পূজা কৰা হয় । উল্লেখযোগ্য যে দেশৰ এক আগশাৰীৰ সংবাদপত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ ফটোগ্ৰাফাৰ শশী ঘোষে এই দৃশ্য সমূহ বন্দী কৰিছিল।
৩৫ বছৰ পুৰণি এই কালী পূজাত মানুহে জীৱিত দেৱীৰ এক আভাস পাবলৈ আহে। এই পূজাত স্কুললৈ যোৱা ল’ৰা আৰু ছোৱালী দুয়ো ভগৱান শিৱ আৰু দেৱী কালীৰ পোছাক পিন্ধে আৰু মূৰ্তিৰ বেদীত থিয় হয় আৰু মানুহে এজন এজনকৈ তেওঁলোকৰ আশীৰ্বাদ বিচাৰে।
‘ভূত চতুৰ্দশী’ৰ নিশাৰ পৰা এই কাৰ্য্য আৰম্ভ হয় ৷ যি হৈছে আত্মা আৰু অন্যান্য অতিপ্ৰাকৃতিক শক্তিক আঁতৰাই দৈৱীক শক্তিক জাগ্ৰত কৰি ৰাখিবৰ বাবে বঙালী সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ।
পূজা মণ্ডপত থিয় হৈ থকা জীৱিত কালী মূৰ্তিবোৰ ৰূপজ্জাৰে সম্পূৰ্ণ দেৱী কালীৰ দৰে সজাই তোলা হয় ৷ তেওঁলোকৰ কিছুমানে আনকি আনুষঙ্গিক সামগ্ৰী পৰিধান কৰাৰ লগতে কালীৰ ভয়ানক ৰূপ ধাৰণ কৰিবলৈ তেওঁলোকে নিজৰ ব্যক্তিত্বও সলনি কৰে ৷