VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এতিয়া ৬বছৰীয়া হ’ল এক মিনিট ৪৮ ছেকেণ্ডত ৩৪ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হোৱা বিশ্বৰ সৰ্বকণিষ্ঠ গুগল গুৰু

বৰ্তমান ক’ত আছে দুবছৰ বয়সতে এছিয়া বুক অৱ ৰেকৰ্ডছত অভিলেখ গঢ়া গুগল গুৰু?

voicedesk by voicedesk
January 5, 2023
in সমাজ
এতিয়া ৬বছৰীয়া হ’ল এক মিনিট ৪৮ ছেকেণ্ডত ৩৪ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হোৱা বিশ্বৰ সৰ্বকণিষ্ঠ  গুগল গুৰু
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

আপোনাৰ বাৰু গুগল গুৰু গুৰু উপাধ্যায়ৰ কথা মনত আছেনে ? বৰ্তমান ৬বছৰীয়া হ’ল বিশ্বৰ সৰ্বকণিষ্ঠ গুগল গুৰু হিচাপে খ্যাত গুৰু উপাধ্যায় ৷ কিন্তু বৰ্তমান ক’ত আছে বাৰু কণমানি শিশুটি ? ক’ত হেৰাল বাৰু তেওঁ ?এই সময়ত বহু প্ৰশ্নই হয়তো আপোনাৰ মনলৈ আহিছে ৷ কিন্তু বৰ্তমান সামাজিক মাধ্যম নাইবা সংবাদ মাধ্যম ক’তোৱেই কোনো খবৰ নাই দুবছৰ বয়সতে বিশ্ব অভিলেখ গঢ়া এই শিশুটিৰ ৷

আপুনি বাৰু জানেনে যে ২বছৰ বয়সতে  গুৰু উপাধ্যায়ক যি প্ৰশ্নই সোধা হয় তাৰেই উত্তৰ দিব পাৰিছিল তেওঁ  ৷ পিতৃ-মাতৃৰ কোলাত বহিয়েই  তেওঁ ক’ব পাৰিছিল বিশ্বৰ প্ৰতিখন দেশৰ ৰাজধানীৰ নাম ৷ এখন দেশৰ ৰাষ্ট্ৰীয় পতাকা দেখিয়েই ক’ব পাৰিছিল দেশখনৰ নাম ৷ লগতে গোলকত বা মেপত চিনাক্ত কৰিব পাৰিছিল বিশ্বৰ প্ৰতিখন ঠাই ৷ নাইবা দেশৰ যোকোনো চুবুৰীয়া দেশৰ কথাও ক’ব পাৰিছিল এই দুবছৰীয়া গুগল গুৰুৱে দিব পাৰিছিল  এটাৰ পিছত আনটো উত্তৰ  ৷

সেই সময়ত ইউ.পি. এছ.ছি পৰীক্ষাৰ বাবে  অধ্যয়ন কৰি থকা উত্তৰ প্ৰদেশৰ মথুৰাৰ বাসিন্দা  অৰবিন্দ কুমাৰ উপাধ্যায় আৰু প্ৰিয়া উপাধ্যায়ৰ সন্তান  গুৰু উপাধ্যায় ৷ ২০১৬চনৰ ১৪জুলাইত জন্মগ্ৰহণ কৰা এই শিশুটিৰ  গুৰু নাম থ’লে বৰদেউতাকে ৷ কণমানি শিশুটিক প্ৰথমবাৰ দেখিয়েই বৰদেউতাক ডক্তৰ প্ৰদীপ উপাধ্যায়ে নাম থ’লে গুৰু ৷ সেয়েহে পিতৃ-মাতৃয়ে তেজস নাম দিয়াৰ পিছতো কণমানি শিশুটিৰ প্ৰচলিত নাম ৰখা হ’ল গুৰু ৷

পিতৃ-মাতৃক অধ্যয়ন কৰিবলৈ  বাধ্য কৰোৱা গুৰুৰ এই প্ৰতিভা দেখি স্তব্ধ হৈছিল সমগ্ৰ বিশ্ববাসী ৷ কথা স্পষ্টকৈ ক’ব নোৱাৰা গুৰুৱে এবাৰ শুনাৰ পিছতেই যিকোনো কথা মনত ৰাখিব পাৰে ৷ পঢ়িব লিখিব নিশিকাকৈয়ে গুৰুৱে মাত্ৰ দেখি আৰু শুনি সকলো কথা মনত ৰাখে ৷ বিশেষজ্ঞ সকলৰ মতে মাতৃ  গৰ্ভত থাকোতেই শৈক্ষিক জগতখনৰ সংস্পৰ্শলৈ আহিছিল  গুৰু ৷ মাতৃৰ জীৱনৰ লক্ষ অৰু অধ্যয়নৰ বাবেই দুবছৰীয়া শিশুটিয়েও মাতৃগৰ্ভত থকাৰ পৰাই মাহাভাৰতৰ অভিমন্যুৰ দৰেই সকলোবোৰ শিকিবলৈ লৈছিল ৷বিশেষজ্ঞ সকলৰ মতে এয়া সম্ভৱ কাৰণ  এনে শিশুৰ আই কিউ লেভেল হয়  ১০০ৰ পৰা  ১৪৭ পৰ্য্যন্ত ৷

বৰ্তমান ৬বছৰীয়া হ’ল গুগল গুৰু ৷ দুবছৰ দহ মাহ বয়সতে বৃন্দাবনৰ গুৰু উপাধ্যায়ে ‘গুগল গুৰু’ নামেৰে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।  এছিয়া বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ হৈছিল গুৰু উপাধ্যায়ৰ নাম।এছিয়া বুক অৱ ৰেকৰ্ডছৰ দলটোৱে অৰবিন্দ উপাধ্যায়ৰ পুত্ৰ গুৰু উপাধ্যায়ৰ পৰীক্ষা লৈছিল ।  গুৰুক সোধা হৈছিল এবছৰৰ কাৰেণ্ট এফেয়াৰ আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পদাৰ্থ বিজ্ঞান, গণিতৰ সূত্ৰৰ বিষয়ে ।

গুৰু উপাধ্যায়ে এক মিনিট ৪৮ ছেকেণ্ডত ৩৪ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিল। আনহাতে ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা ২০১৯ চনৰ মে’মাহলৈকে বিশ্বজুৰি সংঘটিত হোৱা পৰিঘটনাসমূহৰ বিষয়েও দলটোৱে শিশুটিক প্ৰশ্ন কৰিছল ।

কিন্তু আচৰিত কথা যে বৰ্তমান ক’ত হেৰাই গ’ল এই গুগল গুৰু ৷ নে পিতৃ-মাতৃৰ সৈতে ভৱিষ্যত গঢ়াৰ কুছ-কাওয়াজত ব্যস্ত এতিয়া ৬বছৰীয়া গুৰু উপাধ্যায় ?

 

 

Previous Post

বলীউড জগতৰ এজন খলনায়কৰ প্ৰেম কাহিনী

Next Post

ৰূপনগৰত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ ভূমি পূজনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
ৰূপনগৰত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ  ভূমি পূজনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ৰূপনগৰত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ ভূমি পূজনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7