বৰ্তমান সময়ত প্ৰায়ভাগ লোকেই কুকুৰ পোহা দেখা যায়। কিছুমান গৰাকীয়ে নিজৰ কথা চিন্তা নকৰি পোহনীয়া কুকুৰটোৰ কথাহে বেছিকৈ চিন্তা কৰে। উল্লেখ্য যে এটা পোহনীয়া কুকুৰৰ ক্ষেত্ৰত সংঘটিত হৈছে এক বিশেষ কাৰ্য।
প্ৰাপ্ত তথ্য মতে মুম্বাইৰ পৰা চেন্নাইলৈ যোৱা এয়াৰ ইণ্ডিয়া বিমানৰ সম্পূৰ্ণ বিজনেছ শাখা বুকিং কৰিছে এজন লোকে। আচৰিত যেন লাগিলেও সঁচা যে নিজৰ পোহনীয়া কুকুৰ টোৰ প্ৰতি থকা মৰমৰ বাবেই এক আৰামদায়ক তথা বিলাসীতাপূৰ্ণ সুবিধা দিয়াৰ উদ্দেশ্যে গৰাকীজনে কুকুৰটোৰ বাবে খৰচ কৰিছে বহুতো টকা।
উল্লেখযোগ্য যে পোহনীয়া জন্তু ইয়াৰ আগতেও বিমানত লৈ যোৱা হয়। কিন্তু এইবাৰৰ ঘটনা অলপ পৃথক, কিয়নো কুকুৰটোৰ গৰাকীজনে নিজৰ আৰু কুকুৰটোৰ নামত এয়াৰ ইণ্ডিয়া বিমানৰ সমস্ত বিজনেছ শাখা বুকিং কৰিবৰ বাবে খৰচ কৰিছে ২.৫ লাখটকৈও অধিক টকা।
জানিবলৈ পোৱা মতে এয়াৰ ইণ্ডিয়া বিমানত “J-class” কেবিনত মুঠ ১২ জন লোকৰ বাবে আসন থাকে। আনহাতে এই বিজনেছ ক্লাছত এখন আসনৰ বাবে দিব লগীয়া হয় ২০,০০০ টকা। বিমানৰ এই সমগ্ৰ আসনসমূহ উক্ত গৰাকীজনে বুক কৰিছে নিজৰ লগতে কুকুৰটোৰ বাবে ।
উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ নিৰ্ধাৰিত নিয়ম অনুসৰি বিমানত কিছুমান সৰু সৰু পোহনীয়া জন্তু নিব পৰা সুবিধা আছে। কিন্তু এই কথা নিৰ্ভৰ কৰে স্বাস্থ্য আৰু ৰেবিজ ভেকচিনৰ প্ৰমাণপত্ৰৰ ওপৰতহে। পোহনীয়া জন্তুৰ দেহৰ আকাৰ অনুযায়ী এজন লোকে নিজৰ দুটা পোহনীয়া জন্তুৰ লগত যাত্ৰা কৰিব পাৰে । এই জন্তুবোৰক কেবিন অথবা “cargo hold” ত ৰখা হয়। আনহাতে বিজনেছ শাখাত কেবিনৰ শেষৰ শাৰীত পোহনীয়া জন্তু ৰখাৰ ব্যৱস্থা আছে।