অৰুণোদয় সাহিত্য সভা আৰু ড°ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সভাত এইবৰ্ষত ড°কুলধৰ শইকীয়া দেৱক সন্মানীয় ড° ময়িদুল ইছলাম বড়া বঁটাৰ বাবে নিৰ্বাচন কৰে। সুদীৰ্ঘ সময় গৱেষক তথা সাহিত্যিক কুলধৰ শইকীয়াই অসমীয়া ভাষা-সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে।
বিদেশত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া ,১৯৪০ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা লগতে ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড°ময়িদুল ইছলাম বড়াৰ স্মৃতিত আগবঢ়োৱা এই বঁটাৰ বাবে ড° কুলধৰ শইকীয়াক নিৰ্বাচন কৰাত সমগ্র ৰাজ্যজুৰি সাহিত্যিক মহলত আনন্দৰ জোৱাৰ উঠিছে।
কুলধৰ শইকীয়া হৈছে এনে এক ব্যক্তিত্ব যি ১৯৮৫ চনত আই পি এচ বিষযা ৰূপে মনোনীত হৈ অসম আৰক্ষীৰ গধুৰ দায়িত্ব পালন কৰিছিল।তিনিটা দশক জুৰি আৰক্ষী বিষয়া ৰূপে কাম কৰা ড° শইকীয়াই দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰা পিছত ২০১৯ বৰ্ষত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে।
সমান্তৰালকৈ ড° শইকীয়াই সাহিত্য চৰ্চা অব্যাহত ৰাখি ৪০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতলৈ অনন্য অৱদান আগবঢ়াইছে। তেওঁৰ গ্ৰন্থ আকাশৰ ছবি আৰু অন্যান্য গল্পৰ বাবে ২০১৫ চনত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছিল।
একেদৰে ২০০০ বৰ্ষত “কথা” বঁটাৰে সন্মানিত হোৱা এই বিশিষ্ট কথা শিল্পী গৰাকীয়ে “আখৰাত মই আৰু অন্যান্য” শীৰ্ষক গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰিছিল।তেওঁ গ্ৰহান্তৰ,আভা,হোষ্টেলৰ এলাৰ্ম ঘড়ী,মাথোঁ গল্প, ব্ৰেকিং নিউজ, অট্টালিকাৰ ভেম,গল্পৰ আঁৰৰ মানুহ,প্ৰিয় মানুহৰ দৰে, দুকুৰিৰো অধিক গ্ৰন্থ ৰচনা কৰাৰ লগতে ‘নিৰ্জন দ্বীপত এদিন’ নামৰ উপন্যাস ৰচনাৰে অসমীয়া সাহিত্যত সমৃদ্ধ কৰি এখোজ আগবঢ়াই গৈছে।
ইয়াৰোপৰি তেওঁ শিক্ষা জীৱনৰ বৰ্ণিল অধ্যায়ত অত্যন্ত দক্ষ কুলধৰ শইকীয়া ৰঙিয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেতিয়াৰ কটন মহাবিদ্যালয়ত প্ৰাক বিশ্ব বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়।পিছত অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি দিল্লী স্কুল অৱ ইকন’মিকৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ইয়াৰপিছতে কিছুদিন অৰ্থনীতিৰ প্ৰৱক্তা ৰূপে অধ্যাপনা কৰিছিল যদিও পিছত শইকীয়াই আমেৰিকাৰ পেঞ্চিলভেনিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ফুলব্ৰাইট সদস্য হিচাপে ’নেতৃত্ব আৰু সম্পদ ব্যৱস্থাপনা’ বিষয়ত গৱেষণা সম্পন্ন কৰে।ক্ৰমে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ’অপৰাধ আৰু উন্নয়ন’ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
এনে এজন যোগ্য তথা পাণ্ডিত্যপূৰ্ণ ব্যক্তিক মঙলবাৰে ঘোষণা কৰা ডঃ ময়িদুল ইছলাম বড়া বঁটাৰ বাবে নিৰ্বাচন কৰাত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে।অহা ২২ ছেপ্তেম্বৰত অৰ্থাৎ ময়িদুল ইছলাম বড়াৰ জন্ম বাৰ্ষিকীত ডঃ কুলধৰ শইকীয়া দেৱক এই সন্মান প্ৰদান কৰা হ’ব।