ষ্টেট বেংক অৱ ইণ্ডিয়াই (State Bank Of India-SBI) লৈ আহিছে এক বিশেষ সুবিধা। উক্ত সুবিধা অনুসৰি এছ বি আই এটিএম ফ্ৰেনছাইজি (SBI ATM Franchise)ৰ জৰিয়তে এক মোটা পৰিমাণৰ টকা অৰ্জন কৰাৰ ব্যাপক সুযোগ পাব কোনো লোকে। এতিয়াৰে পৰা ঘৰত বহিয়েই অতি সহজতে মাহত ৬০ হাজাৰ টকা পৰ্যন্ত অৰ্জন কৰিব পৰা যাব।
উল্লেখ্য যে এটিএম পৰিচালনা কৰা সংস্থাসমূহ সদায় পৃথক হৈ থাকে। আনহাতে এই সংস্থা সমূহে কেতিয়াও নিজেই এটিএমৰ লগত জড়িত কোনো বিষয় ধাৰ্য নকৰে। প্ৰাপ্ত তথ্য মতে কিছু বিশেষ সংস্থাকহে বেংকে এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰে। বেংকৰ লগত চুক্তিবদ্ধ হৈ হে প্ৰয়োজনীয় কাৰ্য কৰে এই সংস্থা সমূহে।
উল্লেখযোগ্য যে বেংকৰ লগত আলোচনাৰ মাধ্যমেৰে আৰু এটিএম ফ্ৰেনছাইজিৰ সুবিধা আহৰণ কৰি ঘৰত বহিয়েই এক উচিত পৰিমাণৰ টকা অৰ্জন কৰিব পাৰে কোনো লোকে। ইয়াৰ বাবে লোকসকলে বা কোনো সংস্থাই মাত্ৰ এটিএম ফ্ৰেনছাইজি ল’ব লাগিব। আৰু ইয়াৰ বাবে ঠাইৰ প্ৰয়োজন হ’ব ৫০ ৰ পৰা ৮০ বৰ্গফুট। আনহাতে অন্য কোনো এটিএম প্ৰায় ১০০ মিটাৰ দূৰত্বতহে থাকিব পাৰিব।
এটিএমৰ বাবে নিৰ্বাচন কৰা ঠাইখন সদায় মানুহে সহজতে বিচাৰি উলিয়াব পৰা হোৱা উচিত। বিশেষকৈ কোনো বিল্ডিংৰ গ্ৰাউণ্ড ফ্ল’ৰত এই এটিএমৰ বাবে ঠাই বাচি উলিওৱা হয়।লগতে ২৪ ঘণ্টাই বিদ্যুৎ যোগান থকাৰ লগতে এক কিলোবাইট বিদ্যুৎ সংযোগ থকাৰ দৰকাৰ।প্ৰতিদিনে ৩০০ ৰ ভিতৰত লেনদেন থকাৰ লগতে এটিএম মেচিন বহোৱা ঘৰটো পকী আৰু মজবুত হোৱাৰ দৰকাৰ।
উল্লেখ্য যে ভি-ছাট (V-Sat) স্থাপন কৰিবৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা “No Objection Certificate” প্ৰাপ্ত কৰিব লাগিব। আনহাতে এই এটিএম ফ্ৰেনছাইজি স্থাপনৰ বাবে যি গুৰুত্বপূৰ্ণ নথিপত্ৰ থাকিব লাগে সেইবোৰ হৈছে- আধাৰ কাৰ্ড , ভোটাৰ আই ডি , পান কাৰ্ড , ঠিকনাৰ প্ৰমাণপত্ৰ যেনে –ৰেচন কাৰ্ড , বিদ্যুৎৰ বিল, বেংক একাউণ্ট আৰু পাচবুক। ইয়াৰ উপৰিও নিজৰ ফটো , ই-মেইল আইডি , অন্য সমস্ত নথি , জি এছ টি নম্বৰ আৰু বিভিন্ন অৰ্থনৈতিক নথিৰো প্ৰয়োজন হ’ব।
এটিএম ফ্ৰেনছাইজি স্থাপনৰ বাবে আবেদন কৰিবৰ বাবে কিছুমান সংস্থা আছে য’ত অনলাইন আবেদন কৰিব লাগিব। এই সংস্থাসমূহ বেলেগ বেলেগ আৰু বিশেষকৈ ভাৰতত এটিএমৰ সুবিধা দিয়া সংস্থাসমূহ হ’ল-
- Tata Indicash – www.indicash.co.in
- Muthoot ATM – www.muthootatm.com/suggest-atm.html
- India One ATM – india1atm.in / rent-your-space
উল্লেখ্য যে ইয়াৰ বাবে ২ লাখ টকা চিকিউৰিটি ডিপ’জিট কৰাৰ লগতে ৩ লাখ টক বেংক কেপিটেল হিচাপে ৰাখিব লাগিব। সৰ্বমুঠ ৫ লাখ টকা বিনিয়োগ কৰিব লাগিব এই কাৰ্যত।