অসমৰ শিক্ষা জগতত সুদীৰ্ঘকাল বিভিন্ন দায়িত্বত থাকি সুনাম অৰ্জন কৰা সুৰেশ চন্দ্ৰ ৰাজখোৱা সকলোৰে পৰিচিত এটা নাম।
১৯১৩ চনৰ নভেম্বৰ মাহত বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউৰ ওচৰৰ টেঙাপুখুৰী গাৱঁৰ এটি সম্ভ্ৰান্ত পৰিয়ালত সুৰেশ চন্দ্ৰ ৰাজখোৱাৰ জন্ম হৈছিল। শিৱসাগৰৰ টেঙাপুখুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয়। ১৯৩৫ চনত কটন কলেজৰ পৰাই বুৰঞ্জীত প্ৰথম শ্ৰেণীৰ স্নাতক আৰু ১৯৩৭ চনত এম এ পৰীক্ষাতো বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণী পাবলৈ সক্ষম হৈছিল। তাৰ পাছতে ৰাজখোৱাই কটন কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু ১৯৪৬ চনলৈকে সেই কলেজত অধ্যাপনা কৰি পিছলৈ তেওঁ বিভাগীয় মুৰব্বীও হৈছিল। ইয়াৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু ১৯৪৭ চনত লণ্ডনৰ ইনষ্টিটিউত অব এডুকেশ্যনৰ পৰা ‘টিচাৰ্ছ ডিপ্লমা’ লয়। ১৯৪৯ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ শিক্ষা বিভাগত এম এ ডিগ্ৰী লাভ কৰে ।
সুৰেশচন্দ্ৰ ৰাজখোৱাই কম বয়সতে শিক্ষাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰি অসমত মাধ্যমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ হকে মাধ্যমিক বিদ্যালয় সমূহলৈ ঘাটি মঞ্জৰী সাহাৰ্য দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল। অসমৰ বিভিন্ন ঠাইৰ ৰাইজে দান-বৰঙণি সংগ্ৰহ কৰি অশেষ কষ্ট কৰি নিজ নিজ অঞ্চলত প্ৰতিষ্ঠা কৰা বিদ্যালয় সমূহক চৰকাৰে ঘাটি মঞ্জৰী সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰাত ৰাইজে সকাহ পাইছিল আৰু চৰকাৰৰো সুনাম হৈছিল। অসমৰ শিক্ষা জগতলৈ সুৰেশচন্দ্ৰ ৰাজখোৱাৰ এইটো প্ৰধান অৱদান আছিল।
১৯৫০ চনত সুৰেশচন্দ্ৰ ৰাজখোৱাই প্ৰথমে সহকাৰী শিক্ষাধিকাৰ হিচাপে কামত যোগ দিছিল। পিছত তেওঁ ক্ৰমে বিদ্যালয় সমূহৰ পৰিদৰ্শক , উপ-শিক্ষাধিকাৰ , অতিৰিক্ত শিক্ষাধিকাৰ আৰু শেষত শিক্ষাধিকাৰৰ দায়িত্ব লৈ ১৯৬৮ চনত অৱসৰ গ্ৰহণ কৰিছিল। প্ৰত্যেকটো দায়িত্বই ৰাজখোৱাই নিষ্ঠা , একাগ্ৰতা আৰু সততাৰে পালন কৰিছিল। বিদ্যালয় সমূহৰ পৰিদৰ্শক হৈ থকা কালছোৱাত তেওঁ পাৰ্যমানে অসমৰ বিভিন্ন ঠাইৰ বিদ্যালয় পৰিদৰ্শন কৰিছিল। বিদ্যালয় সমূহ তেওঁ নিয়মিত ভাবেই পৰিদৰ্শন কৰিছিল আৰু ছাত্ৰ -শিক্ষক সকলৰ লগত প্ৰত্যক্ষ সম্পৰ্ক ঘটিছিল বাবে বিদ্যালয়ৰ সমস্যা সমূহ উপলদ্ধি কৰিব পাৰিছিল ।
সুৰেশচন্দ্ৰ ৰাজখোৱাৰ সুদক্ষ প্ৰশাসকৰ থাকিবলগীয়া সকলোখিনি গুণেই আছিল বাবে অৱসৰ লোৱাৰ পাছতো চৰকাৰে বিভিন্ন পদবীৰ দায়িত্ব দিছিল। ১৯৬৯ চনত তেওঁ পাঠ্য-পুথি প্ৰণয়ন নিগমৰ চেয়াৰমেনৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত হয়। ১৯৮৮ চনৰ পৰা ১৯৯৫ চনলৈ এই সুদীৰ্ঘ কালছোৱা তেওঁ আছিল ইংলিছ লেংগুৱেজ টিচিং ইনষ্টিটিউটৰ চেয়াৰমেন।
সুৰেশচন্দ্ৰ ৰাজখোৱা শিক্ষা বিভাগৰ বিভিন্ন দায়িত্বত থকা সময়ত ভাৰত স্কাউট আৰু গাইড আন্দোলন গঢ়ি তোলাত গুৰুত্ব দিছিল। উঠি অহা প্ৰজন্মক সমাজৰ জনহিতকৰ কামত নিয়ম শৃংখলাৰ মাজেৰে আদৰ্শ পুৰুষ হিছাপে গঢ়ি তোলাই আন্দোলনৰ মুখ্য উদ্যেশ্য আছিল। সুৰেশচন্দ্ৰ ৰাজখোৱা প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ কাৰণে তেওঁলৈ স্কাউট আৰু গাইডৰ সৰ্বোচ্চ সন্মান Silver Elephant বঁটা আগবঢ়োৱা হৈছিল। সুৰেশচন্দ্ৰ ৰাজখোৱাই শিক্ষাধিকাৰ পদৰ পৰা অৱসৰ লোৱাৰ পিছত ‘ৰদালি’ নামেৰে এখন শিশু আলোচনী সম্পাদনা কৰি উলিয়াইছিল। দেশী – বিদেশী আৰু জনজাতীয় সাধু , মনীষী সকলৰ পৰিচয় , বিভিন্ন বাতৰি আৰু আমোদজনক কথা , ধাৰাবাহিক উপন্যাস , ল’ৰা- ছোৱালীৰ লেখনি আৰু ছৱিৰে সমৃদ্ধ আছিল ‘ৰদালি’।
অসমত উচ্চ শিক্ষাৰ বিশেষকৈ মাধ্যমিক শিক্ষাৰ উন্নয়নৰ হকে আৰু কাৰ্যকৰী ব্যৱস্থা ল’বৰ উদ্যেশ্যে অধ্যয়ন কৰিবলৈ ভাৰত চৰকাৰে দেশৰ আঠগৰাকী শিক্ষাবিদৰ সৈতে সুৰেশচন্দ্ৰ ৰাজখোৱাক আমেৰিকা যুক্তৰাষ্ট্ৰ , ডেনমাৰ্ক , পশ্চিম জাৰ্মানী , জাপান , গ্ৰেটব্ৰিটেইন আদি দেশলৈ পঠাইছিল। স্কুলীয়া শিক্ষা সম্পৰ্কত অংশ গ্ৰহণ কৰিবলৈ তেওঁ ইউনেস্ক’ৰ আলোচনা চক্ৰলৈয়ো ভাৰতীয় দলৰ প্ৰতিনিধি হিছাপে গৈছিল।
মেধাৱী ছাত্ৰ , আদৰ্শ শিক্ষক ,সুদক্ষ প্ৰশাসক আৰু নিষ্ঠা , সততা আৰু একাগ্ৰতাৰে দেশৰ হকে কাম কৰি যোৱা সুৰেশচন্দ্ৰ ৰাজখোৱাক অসমীয়া জনসাধাৰণে কেতিয়াও পাহৰিব নোৱাঁৰে। ২০০২ চনৰ ২৪ নভেম্বৰত ইহলীলা সম্বৰণ কৰা সুৰেশচন্দ্ৰ ৰাজখোৱা সদায় জীয়াই থাকিব প্ৰতিগৰাকী স্বদেশ প্ৰেমীৰ হিয়াৰ মাজত।