ভাৰতত ইতিমধ্যে ১০০০তকৈয়ো অধিক বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন স্থাপনৰ কাম সম্পূৰ্ণ কৰিছে বুলি জানিবলৈ দিয়ে টাটা পাৱাৰ নামৰ আগশাৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৱে৷গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ ৰাখি প্ৰতিষ্ঠানটোৱে বিভিন্ন ৰাজহুৱা স্থান যেনে কাৰ্য্যালয়,শ্বপিংমল,হোটেল,খুচুৰা বিপণী আৰু ৰাজহুৱা স্থানত এই ষ্টেচন সমুহ স্থাপন কৰিছে ৷এই ষ্টেচন সমূহ স্থাপন কৰাৰ ফলত বৈদ্যুতিক মাধ্যমৰ বাহন সমূহৰ গৰাকী সকলে সহজতে বাহন সমূহ চাৰ্জ কৰিব পাৰিব৷মুম্বাইত প্ৰথমতে এনেধৰণৰ ষ্টেচন সমূহ স্থাপন কৰাৰ পিছত দিল্লীৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন ঠাইত চাৰ্জিং ষ্টেচন স্থাপনৰ লক্ষ নিৰ্দ্ধাৰণ কৰিছে টাটা পাৱাৰে৷