শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ ইউ জি চিয়ে প্ৰকাশ কৰিছে ২১ খন ভূৱা বিশ্ববিদ্যালয়ৰ তালিকা ৷আয়োগে নিজৰ অফিচিয়েল ৱেবচাইটত প্ৰকাশ কৰা এই তালিকাত সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ ২১খন বিশ্ববিদ্যালয়ৰ নাম সন্নিবিষ্ট কৰা হৈছে ৷ তেওঁলোকৰ মতে এই তালিকাত অন্তৰ্ভূক্ত বিশ্ববিদ্যালয় সমূহৰ এখনেও শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰিব নোৱাৰে ৷
এই ভূৱা বিশ্ববিদ্যালয়ৰ তালিকাত শীৰ্ষস্থানত আছে দিল্লী আনহাতে দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ ৷
উল্লেখযোগ্য যে ইউ জি চিয়ে এক ৰাজহুৱা জাননীৰ জৰিয়তে শিক্ষাৰ্থী তথা সৰ্বসাধাৰণ ৰাইজক জানিবলৈ দিছে যে দেশৰ বিভিন্ন প্ৰান্তত মুঠ ২১ খন এনে শিক্ষানুষ্ঠান আছে যি বিশ্ববিদ্যালয় অনুদান আয়োগ আইন ১৯৫৬ৰ নিয়ম সমূহ উলংঘা কৰি আছে ৷ এই ২১খন বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বাধিক আঠ খন বিশ্ববিদ্যালয় আছে দিল্লীত ,আনহাতে চাৰিখন উত্তৰ প্ৰদেশত,দুখন পশ্চিম বংগত ,দুখন উৰিষ্যাত আৰু কেৰেলা ,কৰ্ণাটক,অন্ধ্ৰপ্ৰদেশ ,পুডুচেৰী আৰু মহাৰাষ্ট্ৰত আছে এখনকৈ অস্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় ৷
গুৰুত্বপূৰ্ণ যে বিশ্ববিদ্যালয় অনুদান আয়োগ আইন ১৯৫৬ৰ অনুচ্ছেদ ২২(১) অনুসৰি কেৱল বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ৩ৰ অধীনত স্থাপিত কেন্দ্ৰীয় ,ৰাজ্যিক,প্ৰাদেশিক আইন বা বিবেচিত বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত সংসদীয় আইনৰ দ্বাৰা ডিগ্ৰী প্ৰদান কৰিবলৈ ক্ষমতা প্ৰদান কৰা বিশ্ববিদ্যালয় বোৰেহে শিক্ষাৰ্থী সকলক ডিগ্ৰী প্ৰদান কৰিব পাৰে ৷
আয়োগে ৰাজহুৱা জাননীত প্ৰকাশ কৰা অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ২৩ৰ মতে উপৰোক্ত নিয়ম সমূহৰ বাদে আন যিকোনো প্ৰতিষ্ঠানৰ দ্বাৰা ‘বিশ্ববিদ্যালয়’ শব্দটো ব্যৱহাৰ নিষিদ্ধ ৷