আজি গণেশ চতুৰ্থী । দেশৰ প্ৰায়ভাগ লোক আজি ব্যস্ত গণেশ দেৱতাৰ পূজা অৰ্চনা কৰাত। এনে এক শুভক্ষণত জানো আহক ভাৰতৰ কিছু বিখ্যাত গণেশ মন্দিৰৰ বিষয়ে। কেৱল ধৰ্মীয় ক্ষেত্ৰতে নহয় ঐতিহাসিক কাৰণতো বিখ্যাত এই মন্দিৰসমূহ।
- সিদ্ধিবিনায়ক মন্দিৰ , মুম্বাই (Siddhivinayak Temple), – মুম্বাইত থকা এই গণেশ মন্দিৰ ভাৰতৰ ভিতৰতে অন্যতম। ইয়াত ভগৱানক নৱসাছা গণপতি (Navasacha Ganpati) হিচাপে পূজা কৰা হয়। ১৮০১ চনত নিৰ্মাণ কৰা এই মন্দিৰলৈ দেশ-বিদেশৰ বহুতো লোক দেৱতা পৰিদৰ্শনৰ বাবে আহে।
- গণপতিপুলে মন্দিৰ , ৰত্নগিৰি (Ganapatipule Temple)- মুম্বাইৰ পৰা প্ৰায় ৩৫০ কি.মি. দূৰত্বত কোংকন জিলাত অৱস্থিত এই মন্দিৰ। প্ৰায় ৪০০ বছৰ পুৰণি এই মন্দিৰত গণেশ দেৱতাক পশ্চিম-দুৱাৰ দেৱতা নামে জনা যায়।
- কানিপাকাম বিনায়ক মন্দিৰ, চিত্তুৰ (Kanipakam Vinayaka Temple)- অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ নামৰ ঠাইত থকা এই মন্দিৰ প্ৰায় ১০০০ বছৰ পুৰণি। প্ৰাপ্ত তথ্য মতে মন্দিৰত থকা গণেশ দেৱতাৰ আৰাধ্য মূৰ্ত্তিৰ আকাৰ দিনক দিনে বাঢ়ি গৈ আছে।
- শ্ৰীমৎ দগৰুশেঠ হালৱাই গণপতি মন্দিৰ,পুনে (Dagdusheth Halwai Ganapati Temple) – এই মন্দিৰ ইয়াত থকা দেৱতাৰ মূৰ্ত্তিৰ বাবে বিখ্যাত। এই মূৰ্ত্তিৰ উচ্চতা ৭ ফুট ৫ ইঞ্চি আৰু বহল প্ৰায় ৪ ফুট।
- উচ্চি পিল্লাইয়াৰ মন্দিৰ, তিৰুচিৰাপল্লি (Ucchi Pillayar Temple)- উল্লেখ্য যে বিজয়নগৰ ৰাজ্যৰ ৰজাই নিৰ্মাণ কৰিছিল এই মন্দিৰ । পাহাৰৰ একেবাৰে ওপৰভাগত নিৰ্মিত এই মন্দিৰৰ কাৰুকাৰ্য আৰু কাষতে লাগি থকা কাবেৰী নদীৰ সৌন্দৰ্যই দৰ্শনাৰ্থীক সহজতে আকৰ্ষিত কৰিব পাৰে।
- বিঘ্নহৰ মন্দিৰ , ওজাৰ (Vighnahar Temple)- পুনেৰ পৰা প্ৰায় ৮৫ কি.মি দূৰত্বত, কুকাদি নদীৰ পাৰত অৱস্থিত এই মন্দিৰ। স্কন্দ পুৰাণত থকা কাহিনী অনুসৰি বিঘ্নাসুৰক বধ কৰি বিঘ্নহৰ ৰূপে জনা গৈছিল গণেশক। সেই কাহিনীমৰ্মেই উক্ত মন্দিৰৰ কাৰুকাৰ্য আৰু মূৰ্ত্তি কল্পনা কৰি সাজি উলিওৱা হৈছে।
- এই মন্দিৰ সমূহৰ উপৰিও ৰণথাম্বোৰ গণেশ মন্দিৰ (Ranthambore Ganesh Temple),
- গেংটকৰ গণেশ টোক মন্দিৰ (Ganesh Tok Temple)
- ৰাজস্থানৰ মতি ডাংৰি গণেশ মন্দিৰ (Moti Dungri Ganesh Temple) আদিবোৰো ভাৰতৰ বিখ্যাত মন্দিৰ।