প্ৰগতিশীল নাৰীবাদী কৰ্মী,কবি তথা সু-লেখিকা কমলা ভাছিনৰ যোৱা ২৫ ছেপ্টেম্বৰৰ পুৱা নতুন দিল্লীত দেহাৱসান হয়।প্ৰখ্যাত সমাজকৰ্মী কবিতা শ্ৰীবাস্তৱে এই খবৰ টুইটাৰ যোগে প্ৰকাশ কৰি কয় যে ৭৫ বছৰীয়া এই শক্তিশালী নেত্ৰী গৰাকীয়ে যোৱা ২৫ তাৰিখে পুৱতি নিশা প্ৰায় ৩ বজাত ইহলীলা সম্বৰণ কৰে।
ভাছিন ভাৰত তথা দক্ষিণ এছিয়াৰ মহিলা আন্দোলনৰ এক শক্তিশালী কণ্ঠ আছিল। যোৱা ৫০ বছৰ ধৰি নাৰী অধিকাৰ,মানৱ উন্নয়ন,শান্তি আৰু গণতান্ত্ৰিক মূল্যবোধৰ হকে কাম কৰাৰ লগতে ভাৰত তথা দক্ষিণ এছিয়াত ’সংগত’(South Asian Feminist Network) ৰ জৰিয়তে নাৰী আন্দোলনৰ ধাৰা আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
নাৰী আৰু কন্যাৰ প্ৰতি কৰা হিংসাৰ বিৰুদ্ধে আয়োজিত ’ৱান বিলিয়ন ৰাইজিং অভিযান’ৰো তেওঁ সমন্বয়ক আছিল। তেনেক্ষেত্ৰত বহু নাৰীৰ অনন্য প্ৰেৰণাৰ উৎস আছিল ভাছিন।
একেদৰে তেওঁ সাহিত্য চৰ্চাৰ যোগেদিও এগৰাকী সু-লেখিকা আৰু কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।তেওঁৰ লিখনীত নাৰীৰ মানসিক অৱস্থাৰ সুন্দৰ প্ৰতিফলন হোৱা দেখা গৈছিল।
তেনেক্ষেত্ৰত ভাছিনৰ এই মৃত্যু সাহিত্য জগতৰ লগতে ভাৰত তথা দক্ষিণ এছিয়াৰ নাৰী আন্দোলনৰ বাবে এক ডাঙৰ ক্ষতি।