আমি হয়তো বহুতেই এই বিষয়ে অৱগত নহয় যে অসমৰ প্ৰথম মহিলা আই পি এছ (I P S) বিষয়া গৰাকী কোন আছিল ? অৱশ্যে এই বিষয়ে সামাজিক মাধ্যম ফেচবুক যোগে সবিশেষ জনাইছে এগৰাকী সমাজ সচেতন ব্যক্তি তথা ভাৰতীয় ৰাষ্ট্ৰবাদী পাৰ্টিৰ ৰাজ্যিক সভাপতি আজাদ আলীয়ে ৷ এখন ফট’সহ ফেচবুকৰ এই বিশেষ পোষ্টটোৰ যোগেদি তেওঁ উল্লেখ কৰিছে যে অসমৰ প্ৰথম মহিলা আই পি এছ (I P S) বিষয়া গৰাকী আছিল য়ামিন হাজৰিকা ৷
আনহাতে য়ামিন হাজৰিকাৰ জন্মৰ পৰা মৃত্যুলৈকে বিষয়াগৰাকীৰ জীৱনৰ প্ৰায় সকলোখিনি কথাই সাঙুৰি লোৱা লেখাটোৰ জড়িয়তে উল্লেখ কৰিছে যে ১৯৫৫ চনৰ ১০ জুনত গুৱাহাটীত জন্ম হৈছিল য়ামিন হাজৰিকাৰ । তেওঁৰ দেউতাক আছিল কৰ আয়ুক্ত চিৰাজুল হুছেইন হাজৰিকা আৰু মাতৃ ছামিম আৰা হাজৰিকা । য়ামিন হাজৰিকাই শ্বিলঙৰ পাইন মাউণ্ট স্কুলত শিক্ষা জীৱন আৰম্ভ কৰি ১৯৭২ চনত তাৰ পৰাই ছিনিয়ৰ কেমব্ৰিজ পৰীক্ষা পাছ কৰি দিল্লীত ইন্দ্ৰপ্ৰস্থ কলেজত ভৰ্ত্তি হয় আৰু তাৰ পৰাই ১৯৭৫ চনত সন্মানসহ বুৰঞ্জী বিষয়ত সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (U P S C) পৰীক্ষাত সুখ্যাতিৰে কৃতকাৰ্যতা লাভ কৰে । উল্লেখযোগ্য যে দিল্লী আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আৰক্ষী সেৱা (D A N I P S)ৰ সদস্য হিচাপে মনোনীত হৈছিল (১৯৭৮ – ৭৯) য়ামিন হাজৰিকা ।
তেওঁ লগতে উল্লেখ কৰিছে যে প্ৰথমে দিল্লী চানক্যপুৰী ছাব ডিভিজনৰ সহকাৰী পুলিচ আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰাৰ পিছত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ গোটট (C A W)ৰ মুৰব্বী হিচাপে মনোনীত হৈছিল তেওঁ । উপ ৰাষ্ট্ৰপতিৰ প্ৰতিৰক্ষা কোষতো কাম কৰিছিল য়ামিন হাজৰিকাই। আনহাতে তেখেতে দিল্লীৰ সপ্তম আৰু অষ্টম বেটেলিয়ানৰ ডি,চি,পি,কমানডেণ্ট হিচাপেও কৰ্তব্য পালন কৰিছিল ।
য়ামিন হাজৰিকাক ১৯৯৮ চনত আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠাৰ সামৰিক দলত যোৱা ভাৰতীয় দলৰ প্ৰতিনিধিত্ব কৰিবলৈ ইউৰোপৰ বচনিয়ালৈ পঠোৱা হয় যদিও চাৰি মাহ পিচত শাৰিৰীক অসুস্থতাৰ বাবে তেওঁ উভতি আহে আৰু পুনৰ দিল্লীত অষ্টম বেটেলিয়ানৰ কমানডেণ্ট হিচাপে যোগদান কৰে । অৱশেষত ১৯৯৯ চনৰ ২৪ জুলাইত তেখেতে দিল্লীত চিৰ বিদায় লয় আৰু নিজামুদ্দিনৰ পাঁচপীৰৰ কৱৰস্থানত তেওঁক সমাধিস্থ কৰা হয় । অসম সন্তান তথা অসমৰ গৌৰৱ য়ামিন হাজৰিকাই সমাজৰ প্ৰতি আগবাঢ়োৱা সেৱাৰ বাবে ১৯৯২ চনত মহিলা শিৰোমণি বঁটা আৰু ১৯৯৩ চনত ভাৰত নিৰ্মাণ বঁটাও লাভ কৰিছিল ।
অসমৰ সন্তান হিচাপে সমগ্ৰ অসমবাসীকে তেওঁ কৰ্মৰ যোগেদি গৌৰৱান্বিত কৰা এইগৰাকী মহান অসমীয়া নাৰীক আমি সদায় মনত ৰখা উচিত ৷ যি নতুন প্ৰজন্মক বিশেষকৈ কন্যা সন্তান সকলক শিক্ষাৰ ক্ষেত্ৰত এক সঠিক পথ দেখুৱাবলৈ সক্ষম হ’ব ৷